অসমীয়াঅসম

সমনীয়াৰ সৈতে খেলি থকাৰ সময়ত ঘটিল অঘটন! লোহাৰ গেট ভাঙি প্ৰাণ গ’ল কণমানি নিয়ৰৰ

নিউজ ডেস্কঃ সমনীয়াৰ সৈতে খেলি থকা সময়তে ঘটিল এক অঘটন। পদূলি মুখত খেলি থকা দুটি শিশুৰ গাত নিৰ্মীয়মান এখন লোৰ গেট বাগৰি পৰাৰ ফলত মৃত্যু ঘটে এটি শিশুৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত পালেপাৰা মাজৰ চৰত। শিশুটিৰ কৰুণ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক।

photo1652168440 1

জানিব পৰা মতে, দেওবাৰে বিয়লি গাঁওখনৰ ধীৰেন লহকৰ আৰু মণিকা লহকৰৰ একমাত্র পুত্র তথা পালেপাৰা প্ৰাথমিক বিদ্যালয়ৰ চতুর্থ শ্ৰেণীৰ ছাত্ৰ বিবেক লহকৰে (৮)ৰ সৈতে পদূলি মুখত খেলি আছিল একেখন গাঁওৰে পংকজ কলিতা আৰু কৰৱী কলিতাৰ ৫ বছৰীয়া পুত্ৰ নিয়ৰে।

শিশুদুটিয়ে খেলি থকাৰ সময়তে পদূলিৰ নিৰ্মীয়মান লোৰ গেটখন দুয়োৰে ওপৰত বাগৰি পৰে। যাৰ ফলত আহত শিশু দুটিক লগে লগে ৰঙিয়াৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও সংকটজনৰ অৱস্থাত পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় নিয়ৰক। কিন্তু হাস্পতালতে নিশা প্ৰায় ৯.৩০ বজাত মৃত্যুৱ সাৱটি লয় কণমানি শিশুটিয়ে।

photo1652168519

ইফালে ঘটনাটোত আহত আনটো শিশু বিবেকক বিপদমুক্ত ঘোষণা কৰিছে চিকিৎসকে। বৰ্তমান জিএমচিএইছতে চিকিৎসাধীন হৈ আছে শিশুটি।

পংকজ আৰু কৰৱী কলিতাৰ একমাত্ৰ পুত্ৰ নিয়ৰৰ এই কৰুণ মৃত্যয়ে শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত। শিশুটিৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাই অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *