ৰাষ্ট্ৰীয়

বিবাহত মন্ত্ৰ পাঠ কৰিবলৈ অস্বীকাৰ পণ্ডিতৰ, টেপত মন্ত্ৰ বজাই নিজৰ সৈতে বিয়াত বহিব ক্ষমা বিন্দু

নিজকে নিজে বিবাহ কৰিবলৈ লোৱা সিদ্ধান্তৰে ৰাতিটোৰ ভিতৰতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা ক্ষমা বিন্দুৰ বিবাহৰ ক্ষেত্ৰত দেখা দিছে এক নতুন সমস‍্যাই।

যদিও একাংশ লোকে তেওঁৰ এই সিদ্ধান্তক মহিলাৰ স্বাধীনতাৰ সৈতে সংযুক্ত কৰিছে, কিছুমান লোকে আকৌ ইয়াক হিন্দুত্বৰ বিৰোধী বুলি অভিহিত কৰিছে।

সম্ভৱতঃ এই কাৰণতেই বিবাহ অনুষ্ঠানত মন্ত্ৰপাঠ কৰিব লগা পণ্ডিত গৰাকীয়ে বিবাহ অনুষ্ঠান সম্পন্ন কৰিবলৈ অস্বীকাৰ কৰিছে।

ক্ষমা বিন্দুৱে উল্লেখ কৰা মতে, যি গৰাকী পণ্ডিতে আগতে এই বিবাহ সম্পন্ন কৰাৰ কথা কৈছিল, এতিয়া এই কাৰ্য‍্যৰ পৰা তেওঁ আঁতৰি গৈছে। গতিকে বিন্দুৱে এতিয়া টেপত মন্ত্ৰ বজায়ে বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে।

image 89

বিন্দুৱে কয় যে, এবাৰ পৰম্পৰাগত ধৰণে বিবাহ পাশত আৱদ্ধ হ’লেই, তাৰ পিছত ইয়াক আইনীভাৱে পঞ্জীয়ন কৰিব।

তেওঁ কয়- ‘এবাৰ মই নিজৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’লে, ইয়াক পঞ্জীয়ন কৰিম। এই পঞ্জীকৰণ আন দম্পতীৰ দৰে একেই হ’ব।

এনে বিবাহ সন্দৰ্ভত ভাৰতত কোনো আইন নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এনে বিবাহ কৰাটো অবৈধ বুলিও কতো উল্লেখ নাই।

ক্ষমা বিন্দুয়ে ১১ জুনত চলোগামিৰ আঁওতাৰে বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে।

১৯৯৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত এনে ধৰণৰ প্ৰথম ঘটনাৰ খবৰ পোৱা গৈছিল যদিও ভাৰতত এনে বিবাহ এইখনেই প্ৰথম।

উল্লেখ্য যে, বিবাহৰ পিছত হানিমুনৰ বাবে গোৱালৈ যোৱাৰো সিদ্ধান্ত লৈছে ক্ষমা বিন্দুৱে।

Leave a Reply

Your email address will not be published. Required fields are marked *