অসমঅসমীয়া

৪৫ বছৰ বয়সত হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিলে বুলবুলি খাতুনে…

নিউজ ডেস্কঃ মঙলবাৰে ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পৰীক্ষাত অনেকে ভাল প্ৰদৰ্শন কৰিলে, আন বহুতেই আকৌ চেষ্টা কৰিও উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল। কালিৰ দিনটোত কাৰোবাৰ ঘৰত যদি আনন্দৰ পৰিৱেশ, আন কাৰোবাৰ ঘৰত নামিৰ দুখৰ ছায়া।

এই সকলোবোৰৰ মাজতে হাইমাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ’বলৈ সক্ষম হ’ল এগৰাকী ৪৫ বছৰীয়া মহিলাই। বিশ্বনাথৰ গড়ভিতৰৰ এই মহিলাগৰীকৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। লগতে শিক্ষা গ্ৰহণৰ বাবে যে বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে, সেই কথাই প্ৰমাণ কৰিছে মহিলাগৰাকীয়ে।

photo1654664039

উল্লেখ্য যে, বুলবুলি খাতুন নামৰ ৪৫ বৰ্ষীয় মহিলাগৰাকীয়ে সুদীৰ্ঘ ২২ বছৰ বিৰতিৰ পিছত পুনৰ আৰম্ভ কৰিছিল তেওঁৰ শিক্ষা জীৱন। বিশ্বনাথৰ ফখৰুদ্দিন আলি আহমেদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা লাভ কৰি হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ হয় বুলবুলি।

বিশ্বনাথঘাটৰ দুই নম্বৰ ভোলাকটা অংগনৱাড়ী কেন্দ্ৰত কৰ্মীৰূপে কৰ্মৰত বুলবুলি খাতুনে এতিয়া উচ্চ শিক্ষা গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰিছে। বয়সৰ হেঙাৰ আঁতৰাই তেওঁ নিজৰ লগতে সন্তানক যাতে উচ্চশিক্ষিত কৰি তুলিব পাৰে, তাৰ বাবে চেষ্টা চলাই যাব বুলিও মন্তব্য কৰে।