অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীলৈ কি বিধান দিলে পংকজ পাঠকে…?

বহু প্ৰতিক্ষাৰ অন্ত পেলাই আজি পুৱাৰ ভাগতে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল।

ফলাফল অনুসৰি এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।

এইবাৰ ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

এই অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকললৈ বিশেষ বিধান আগবঢ়াইছে আচায্য পংকজ পাঠকে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ- ছাত্ৰীসকলক অভিনন্দন জনায় অনুত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ আগবঢ়াইছে বিশেষ বিধান।

image 88

অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক ব্ৰাহ্মী জুইচ (juice) নিয়মিতভাৱে খাবলৈ আহ্বান জনায় আৰু অহা বছৰলৈ চেষ্টা কৰবলৈ কয়।

লগতে তেওঁ তেওঁৰ ব্ৰাহ্মী জুইচ (juice)ৰ এখন বিজ্ঞাপনৰ ফটোও শ্বেয়াৰ কৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে তেওঁ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈও কাঁহৰ বাবে বিশেষ বিধান আগবঢ়াইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *