বিবস্ত্ৰ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰিছিল অশ্লীল ভিডিঅ’! তাৰ পিছতে আত্মহত্যা কিশোৰীৰ, তিনি লম্পটক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ এগৰাকী কিশোৰীৰ নিৰ্জন ঠাইলৈ নি বলপূৰ্বক ধৰ্ষণ কৰি অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰা তিনি লম্পটক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে এই ঘটনাৰ পিছতে আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় কিশোৰীগৰাকীয়ে।

এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিত।

জানিব পৰা মতে, ১২ জুলাইত শুৱালকুছিৰ কৈৱৰ্তপাৰাৰ অৰ্জুন দাস (১৯) নামৰ এজন যুৱকে পৰিচিত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিয়লি টিউচনৰ পৰা উভতি অহাৰ সময়ত ফুচুলাই বামু্ন্দিৰ ধাৰেশ্বৰী মন্দিৰলৈ গৈ গৈছিল।

ধাৰেশ্বৰী মন্দিৰৰ পাহাৰৰ নিৰ্জন অঞ্চলটোত কিশোৰীগৰাকীক লৈ গৈ লম্পট যুৱক জনে নিপন দাস (১৯) আৰু ত্ৰিদিৱ মজুমদাৰ (২০) নামৰ আন দুজন বন্ধুৰ সৈতে কিশোৰীগৰাকীক বলপূৰ্বক ধৰ্ষণ কৰাৰ লগতে কিশোৰীগৰাকীৰ উলংগ ভিডিঅ’ মোবাইল কেমেৰাত আৱদ্ধ কৰে।

নিশালৈকে তিনি পাষণ্ডই কিশোৰীগৰাকীক শাৰিৰীক নিৰ্যাতন চলাই নিশা ৯ বজাত পুনৰ ঘৰত নমাই থৈ যায়।

ইফালে নিশাই কিশোৰীগৰাকীয়ে এই সমস্ত ঘটনা সন্দৰ্ভত ওচৰৰে এগৰাকী মহিলাক খুলি কোৱাত পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকেও জানিব পাৰে।

girl rape in suwalkuchi
বিবস্ত্ৰ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰিছিল অশ্লীল ভিডিঅ’! তাৰ পিছতে আত্মহত্যা কিশোৰীৰ, তিনি লম্পটক গ্ৰেপ্তাৰ 4

আনহাতে তিনি লম্পটৰ কামনাৰ বলি হৈ মানসিকভাৱে ভাগি পৰা কিশোৰীগৰাকীয়ে সেইদিনাই নিশা বিহপান কৰাত পৰিয়ালৰ লোকে শুৱালকুছিৰ হাস্পতালত ভৰ্তি কৰায়। কিন্তু পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও ১৩ জুলাইত হাস্পতালতে মৃত্যু ঘটে কিশোৰীগৰাকীৰ।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভূগী কিশোৰীগৰাকীৰ পৰিয়ালে ১ আগষ্টত শুৱালকুছি থানাত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি লম্পট ক্ৰমে- অৰ্জুন দাস, নিপন দাস আৰু ত্ৰিদিৱ মজুমদাৰক।

তাৰ পিছতে মঙলবাৰে আৰক্ষীয়ে অভিযুক্ত কেইজনক ন্যায়ালয়ত হাজিৰ কৰোৱাত ন্যায়ালয়ে তিনিওকে কাৰাগাৰলৈ প্ৰেৰণ কৰে।

এই সমগ্ৰ ঘটনাই শুৱালকুছিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ

কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে

G2
বিবস্ত্ৰ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰিছিল অশ্লীল ভিডিঅ’! তাৰ পিছতে আত্মহত্যা কিশোৰীৰ, তিনি লম্পটক গ্ৰেপ্তাৰ 5

ৰেঞ্জাৰৰ পাছত এইবাৰ মণ্ডল! ঘােচ লৈ জালত পৰিল ভিজিলেঞ্চৰ

photo 2022 08 03 16 16 37 1
বিবস্ত্ৰ কৰি বলপূৰ্বকভাৱে নিৰ্মাণ কৰিছিল অশ্লীল ভিডিঅ’! তাৰ পিছতে আত্মহত্যা কিশোৰীৰ, তিনি লম্পটক গ্ৰেপ্তাৰ 6