এক ৰহস্যজনক ঘটনা।
মাদ্ৰাছাৰ পৰা সন্ধানহীন দুগৰাকী নাবালক ছাত্ৰ।
তেজপুৰত মাদ্ৰাছাৰ পৰা সন্ধানহীন হৈছে দুই ছাত্ৰ।
ছাত্ৰ দুজন হৈছে মুছাৰ্দুল ৰহমান আৰু আলহাজ মুছিদুৰ ৰহমান।
বিগত ২-৩ বছৰ ধৰি শ’লমৰা হায়াতুল উলুম মাদ্ৰাছাত অধ্যয়ন কৰি আছিল ছাত্ৰ দুজনে।
কিন্তু ৰহস্যজনকভাৱে সোমবাৰৰ পুৱাৰ ভাগৰে পৰাই সন্ধানহীন হৈ পৰে ছাত্ৰ দুজন।
পুৱা ৮-৯ মান বজাৰ পৰা ছাত্ৰ দুজন সন্ধানহীন হোৱা বুলি পৰিয়ালক অৱগত কৰে মাদ্ৰাছাখনৰ কৰ্তৃপক্ষই।
ইপিনে ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈ আৰক্ষীক জনোৱা নাই মাদ্ৰাছা কৰ্তৃপক্ষই।
ঘটনা সন্দৰ্ভত দুয়োজন ছাত্ৰ পৰিয়ালে পৃথকে পৃথকে বৰঘাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
১৩ আৰু ১৪ বছৰীয়া ছাত্ৰ দুজন সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।









