বিধানসভাৰ অধ্যক্ষক বাৰাম্বাৰ অনুৰোধ কৰাৰ পিছতো কাৰ কৃপাত বিধায়ক পদ খাৰিজ হোৱা নাই শ্বেৰমান আলীৰ? প্ৰশ্ন ভূপেন বৰাৰ…

নিউজ ডেস্কঃ কাৰ কৃপাত এতিয়াও বিধায়ক হৈ আছে শ্বেৰমান আলী? -এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

উল্লেখ্য যে, মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি কৰা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী শেহতীয়াকৈ মিঞা মিউজিয়ামক লৈ সৃষ্টি কৰিছে বিতৰ্কৰ।

পূৰ্বে কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপন কৰাৰ দাবী জনোৱা বাঘবৰ সমষ্টিৰ বিধায়কজনে শেহতীয়াকৈ গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়াম সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য।

গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপন কৰা সদৌ অসম মিঞা পৰিষদৰ নেতা মহৰ আলী, আব্দুল তাহেৰৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা থাকিব বুলি বিতৰ্কিত মন্তব্য কৰিছিল শ্বেৰমান আলীয়ে।

ইয়াৰোপৰিও ধৃষ্টতাৰ সীমা চেৰাই নেলছন মেণ্ডেলাৰ সৈতে তুলনা কৰিছিল জেহাদী লিংকৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আব্দুল তাহেৰ আৰু মহৰ আলীৰ।

তেওঁৰ এনে বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে শ্বেৰমান আলীৰ বিধায়ক পদ এতিয়াও খাৰিজ নকৰাক লৈ প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষক নিলম্বিত কংগ্ৰেছ নেতাগৰাকীৰ বিধায়ক পদ খাৰিজ কৰিবলৈ বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কোন অদৃশ্য শক্তিৰ কৃপাত এতিয়াও শ্বেৰমান আলী সুৰক্ষিত হৈ আছে বুলি প্ৰশ্ন কৰে ভূপেন বৰাই।

যদি বিজেপিয়ে কাৰোবাৰ বিধায়ক পদ খাৰিজ কৰিবলৈ অধ্যক্ষক জাননী দিলেহেঁতেন তেন্তে, এতিয়ালৈকে বিধায়ক পদ খাৰিজ কৰা নহ’লহেঁতেন নে বুলিও বিজেপি আৰু বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।