নিউজ ডেস্কঃ অলেখ গুণমুগ্ধক কন্দুৱাই শুকুৰবাৰে চিৰ বিদায় লোৱা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ শেষকৃত্য সম্পন্ন হ’ব শনিবাৰে।
ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মসানত শেষকৃত্য সম্পন্ন হ’ব প্ৰসিদ্ধ চিত্ৰশিল্পীগৰাকীৰ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থাকি শুকুৰবাৰে বিয়লি ৩.১৫ বজাত জিএমচিএইছত শেষ নিশ্বাস ত্যাগ কৰে চিত্ৰশিল্পী নীলপৱন বৰুৱাই।
যশস্বী চিত্ৰশিল্পী, অসম সৌৰভ বঁটাপ্ৰাপক শ্ৰীযুত নীলপৱন বৰুৱাদেৱৰ বিয়োগত শোকাহত হৈছোঁ ৷ কলাৰ নিৰলস সাধনাৰে বিগত কেইবা দশক ধৰি তেখেতে অকল ৰাজ্যৰ চিত্ৰশিল্পৰ জগতখনকেই নহয়, সামগ্ৰিকভাৱে কলাৰ ক্ষেত্ৰখনকে সমৃদ্ধ কৰি আহিছিল৷ pic.twitter.com/2OkP3MsrMX
— Himanta Biswa Sarma (@himantabiswa) October 28, 2022
যশস্বী অভিনেতা নিপন গোস্বামীৰ মহাপ্ৰস্থানৰ এদিন পিছতে আন এগৰাকী মহীৰূহৰ প্ৰয়াণে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।
Neelpawan Baruah was an artist par excellence, whose magical brush gave a new direction to the art & cultural landscape of Assam. He inspired a whole generation & his demise is a great loss to India's art field. My deepest condolences to his family and art lovers. Om Shanti. pic.twitter.com/YVEH4GphZC
— Sarbananda Sonowal (@sarbanandsonwal) October 28, 2022
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিভিন্নজনে নীলপৱন বৰুৱাৰ বিয়োগত শোক প্ৰকাশ কৰিছে।