অসমঅসমীয়া

ডনবস্ক’ বিশ্ববিদ্যালয়ক ৪.২৩ লাখ টকা জৰিমনা বিহিলে বন বিভাগে

নিউজ ডেস্ক। শ শ বিঘা ভূমি বেদখল কৰাৰ অভিযােগৰ তদন্তৰ বাবে মহানগৰীৰ সােণাপুৰ স্থিত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে অসম চৰকাৰে তদন্ত সমিতি গঠন কৰাৰ সময়তে এইবাৰ তৎপৰ হৈ পৰিছে ৰাজ্যৰ বন বিভাগ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা অবৈধভাৱে পাহাৰৰ মাটি কটাৰ বাবে ৪.২৩ লাখ টকাৰ জৰিমনা বিহিলে বন বিভাগৰ কামৰূপ পূব বন সংমণ্ডলে।

জানিব পৰা মতে, যােৱা ২৬ মে’ত কামৰূপ পূব বন সংমণ্ডলক জৰিমনাৰ এই ধনৰাশি আদায় দিয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

p4 3

অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে যােৱা ৭ মে’ৰ দিনাই বন বিভাগে অবৈধ খনন সন্দৰ্ভত নিৰ্দিষ্ট তথ্য লাভ কৰিছিল বন বিভাগে।

ইয়াৰ পিছতে, বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত বন বিষয়াৰ এটা দল বিশ্ববিদ্যালয়ৰ চৌহদলৈ যায় বিষয়টােৰ চৰজমিন তদন্ত কৰে।

এই তদন্তত অভিযানকাৰী দলটোৱে পাহাৰ কাটি আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা মাত্ৰ ৩৫০ মিটাৰ দূৰত্বত থকা ৩৮৪ বৰ্গমিটাৰ এলেকা সামৰি বান্ধ নিৰ্মাণৰ কাম প্ৰত্যক্ষ কৰে।

p3 4

উক্ত বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা উৎপত্তি হোৱা এটা প্ৰাকৃতিক পানীৰ নলীও এই কাৰ্যকলাপৰ ফলত বন্ধ হৈ পৰাটাে দৃষ্টিগােচৰ হয় বন বিভাগৰ।

ইয়াৰ পিছতে বন বিভাগে সােণাপুৰ থানাতাে এই বিষয়ে এজাহাৰ দাখিল কৰে।

লগতে বিভাগীয়ভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই বে-আইনী কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা হাতত লৈ জৰিমনা বিহে।

Leave a Reply

Your email address will not be published. Required fields are marked *