ৰাষ্ট্ৰীয়অসমীয়া

বিজেপিত যােগদান প্ৰাক্তন কংগ্ৰেছী হাৰ্দিক পেটেলৰ

নিউজ ডেস্ক। কংগ্ৰেছ ত্যাগ কৰা হাৰ্দিক পেটেলে বৃহস্পতিবাৰে বিজেপি দলত আনুষ্ঠানিকভাৱে যােগদান কৰে।

গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি চিআৰ পাটিলে তেওঁক দললৈ আদৰণি জনায়।

ইয়াৰ পূৰ্বে ৰাতিপুৱা তেওঁ পূজাৰ মাংগলিক কাৰ্যৰ আয়োজন কৰাৰ লগতে টুইটাৰত জনায়, “মই ৰাষ্ট্ৰীয় স্বাৰ্থ, আঞ্চলিক স্বাৰ্থ আৰু সামাজিক স্বাৰ্থৰ অনুভূতিৰে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱাৰ বৃহৎ কামত মই এজন সৰু সৈনিক হিচাপে কাম কৰিম”।

উল্লেখ্য যে ২৮ বছৰীয়া গুজৰাটৰ নেতাজনে ২০১৯ চনত কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ যোৱা মাহত ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনত তেওঁ দলৰ হাইকামাণ্ডক লক্ষ্য কৰাৰ লগতে কংগ্ৰেছত তিনি বছৰ “অপচয়” কৰা বুলি উল্লেখ কৰিছিল।

পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীক চােকা সমালােচনা কৰিছিল হাৰ্দিক পেটেলে।

উল্লেখ্য যে বিগত দিনবোৰত হাৰ্দিক পেটেলে অস্বীকাৰ কৰি আহিছিল যে তেওঁ বিজেপিত যোগদান কৰিব।

হাৰ্দিক পেটেলে সাংবাদিকৰ আগত পূৰ্বে কৈছিল, “মই এতিয়ালৈকে বিজেপিত নাই আৰু যাবলৈ কোনো সিদ্ধান্ত লোৱা নাই”।

অবশেষত, তেওঁৰ বিজেপিত যোগদানৰ সিদ্ধান্ত টুইটাৰ যোগে ৰাজহুৱা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *