ৰাষ্ট্ৰীয়

আচৰিত যেন লাগিলেও সঁচা! নিজৰ সৈতেই বিবাহপাশত আবদ্ধ হ’ব এগৰাকী যুৱতী…

এখন আশ্চৰ্যৰ বিবাহ! থাকিব সকলো নীতি নিয়ম, কিন্তু নাথাকিব কেৱল দৰা।

নিজৰ সৈতেই বিবাহপাশত আবদ্ধ হ’ব ওলাইছে গুজৰাটৰ এগৰাকী যুৱতী।

১১ জুনত বিয়া। সাজু কৰা হৈছে কইনাৰ সাজ, আন প্ৰস্তুতিও পূৰ্ণগতিত চলিছে।

image 24

২৪ বছৰীয়া ক্ষমা বিন্দুৱে নিজে নিজৰ লগত বিয়া পাতিব অহা ১১ জুনত।

সম্ভৱতঃ গুজৰাটত এয়া প্ৰথম একক বিবাহৰঘটনা।

গুৰুত্বপূৰ্ণ কথাটো হ’ল ক্ষমাই সকলো নীতি–নিয়ম মানি আবদ্ধ হ’ব বিবাহপাশত। নিজেই নিজৰ শিৰত পিন্ধিব সেন্দুৰ।

image 25

যুবতী গৰাকীয়ে কয় যে- মই কেতিয়াও বিয়া হ’ব বিচৰা নাছিল। কিন্তু মই কইনা হ’ব বিচাৰিছিলো। সেয়েহে এই আকাংক্ষা পূৰণ কৰিবলৈ মই নিজকে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছো।

ক্ষমাৰ বিবাহৰ বাবে গোত্ৰীৰ মন্দিৰ বাছনি কৰিছে। কেৱল সেয়াই নহয়, বিবাহৰ পিছত, ক্ষমা হনিমুনত যাব গোৱালৈ।

image 27

এই বিবাহৰ বাবে ক্ষমাৰ মাক-দেউতাকেও অনুমতি প্ৰদান কৰিছে।

ক্ষমা এখন ব্যক্তিগত ফাৰ্মত চাকৰি কৰে। তেওঁ কয়, এয়া আত্মস্বীকৃতিৰ কাম। মানুহে আন ব্যক্তিৰ সৈতে বিয়াত বহে, যাক তেওঁলোকে ভাল পায়। মই নিজকে ভাল পাওঁ। সেইবাবে নিজৰ সৈতে বিয়াৰ সিদ্ধান্ত লৈছো।

image 28

Leave a Reply

Your email address will not be published. Required fields are marked *