অসমীয়াৰাষ্ট্ৰীয়

বাৰানসীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ দোষী ৱলিউল্লাহক ফাঁচীৰ শাস্তি আদালতৰ

নিউজ ডেস্কঃ অৱশেষত ফাঁচীৰ শাস্তি বিহা হ’ল ২০০৬ চনৰ বাৰানসী ধাৰাবাহিক বিস্ফোৰণৰ দোষী ৱলিউল্লাহক।

সোমবাৰে গাজিয়াবাদৰ এখন আদালতে দোষী ৱলিউল্লাহক ফাঁচীৰ শাস্তি বিহে।

জিলা ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ সিনহাৰ আদালতে সুদীৰ্ঘ ১৬ বছৰ পিছত বাৰানসীৰ ধাৰাবাহিক বিস্ফোৰণৰ অন্যতম দোষীজনক ফাঁচীৰ ৰায় প্ৰদান কৰাৰ পিছতে আনন্দ ব্যক্ত কৰিছে অনেকে।

photo1654581559

উল্লেখ্য যে, ২০০৬ চনত উত্তৰপ্ৰদেশৰ বাৰানসীৰ সংকটমোচন মন্দিৰ, দশ্বাশ্বমেধ ঘাট আৰু ৰে’লৱে ষ্টেচনত একে সময়তে সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণৰ ঘটনা।

এই ধাৰাবাহিক বিস্ফোৰণত ১৮ জন লোক নিহত হোৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল অৰ্ধশতাধিক লোক।

photo1654581617

কেৱল সংকটমোচন মন্দিৰৰ সন্মুখত সংঘটিত বিস্ফোৰণটোতেই ৭ জন লোকৰ মৃত্যু ঘটাৰ লগতে আহত হৈছিল ২৬ জন।

এই লোমহৰ্ষক বিস্ফোৰণ কাণ্ডৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱলিউল্লাহক।

গোচৰ সন্দৰ্ভত ৪৭ জন সাক্ষীৰ ভাষ্য গ্ৰহণৰ পিছত অৱশেষত দোষী সাব্যস্ত কৰা হয় ৱলিউল্লাহক। তাৰ পিছতে শনিবাৰে ফাঁচীৰ শাস্তি প্ৰদান কৰে আদালতে।

Leave a Reply

Your email address will not be published. Required fields are marked *