অসম

মেট্ৰিকৰ ফলাফল ঘোষণাঃ ৮৫.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত ধেমাজি, সৰ্বনিম্ন স্থানত….

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

মঙলবাৰে পুৱা ১০ বাজৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল।

২০২২ বৰ্ষত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ।

চলিত বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ।

ৰাজ্যৰ ভিতৰত ধেমাজি জিলাত সৰ্বাধিক ৮৫.৪৬ শতাংশ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

ধেমাজিৰ পাছতে ৮১.৩১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ডিমা হাচাও জিলা আৰু ৮১.১৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলা ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে।

ইপিনে, মাত্ৰ ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বিটিচিৰ চিৰাং জিলাই তালিকাৰ একেবাৰে তলৰ স্থান অধিকাৰ কৰে।

চিৰাঙৰ লগতে হোজাই জিলাতো মাত্ৰ ৩৭.২৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে উত্তীৰ্ণ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *