অসম

হাই মাদ্ৰাছাৰ ফলাফলঃ কোনে কোনে লাভ কৰিলে শীৰ্ষ স্থান..?

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

মঙলবাৰে পুৱা ১০ বাজৰ লগে লগে ঘোষণা কৰা হয় মেট্ৰিকৰ ফলাফল।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলো ঘোষণা কৰে ছেবাই।

শীৰ্ষ তিনিটা স্থান দখল কৰিছে ৫গৰাকী শিক্ষাৰ্থীয়ে।

প্ৰথম স্থান লাভ কৰিছে মুফাচিৰ আল হুছেইনে।

image 79

মুফাচিৰ আল হুছেইন শোনিতপুৰৰ আল কৌচেৰ মডেল একাডেমীৰ ছাত্ৰ।

মুফাচিৰ আল হুছেইনে লাভ কৰিছে মুঠ ৫৫৬ নম্বৰ।

দ্বিতীয় স্থান লাভ কৰিছে ছাদিকা আহমেদে।

ছাদিক আহমেদ বৰপেটাৰ ঢকুৱা হাইমাদ্রাছাৰ ছাত্ৰ।

আনহাতে বঙাইগাঁৱৰ পিৰাধৰা হাইমাদ্ৰাছাৰ ছাত্ৰ মুস্তাক আহমেদও লাভ কৰিছে দ্বিতীয় স্থান।

দুয়োজন ছাত্ৰই লাভ কৰিছে মুঠ ৫৫০ নম্বৰ।

তৃতীয় স্থান লাভ কৰিছে দুগৰাকী শিক্ষাৰ্থীয়ে।

image 77

মিছ ছাহানাজ পাৰবীন, দৌলৎপুৰ মাদ্রাছা, লখিমপুৰ।

image 78

ইৰ্ছাদ উল্লাহ, বৰঘুলি হাইমাদ্রাছা।

দুয়োজনে লাভ কৰিছে ৫৪৯ নম্বৰ।

উল্লেখ্য যে, ২০২২ বৰ্ষত ৰাজ্যত মুঠ ৪,০৫,৫৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

ইয়াৰে ভিতৰত ২,১৭,০১২ গৰাকী ছাত্ৰী আৰু ১,৮৮,৫৭০ গৰাকী ছাত্ৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,০৫,৫৮২ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত মুঠ ২,২৯,১৩১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হয়।

চলিত বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.৪৯ শতাংশ।

চলিত বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ।

Leave a Reply

Your email address will not be published. Required fields are marked *