ৰাষ্ট্ৰীয়অসমীয়া

বাস্তৱায়িত হ’ল ‘গংগাজল’ৰ এই দৃশ্য! খোদ SP ৰ পৰাই ধন দাবী কৰি ধৰা পৰিল সহকাৰী উপ পৰিদৰ্শক

নিউজ ডেস্ক। ২০০৩ চনত মুক্তি লাভ কৰিছিল বলীউডৰ চুপাৰহিট ছবি ‘গংগাজল’।

এই ছবিখনৰে যেন এটা দৃশ্য বাস্তৱত ৰূপায়িত হ’ল বিহাৰত। য’ত এগৰাকী সহকাৰী উপ পৰিদৰ্শকক ৰাজপথত অবৈধভাৱে ধন সংগ্ৰহৰ সময়ত হাতেলোটে ধৰা পেলাই নিলম্বন কৰে আৰক্ষী অধীক্ষকে।

দৰাচলতে, কাছাৰ আৰক্ষী থানাত নিযুক্ত সহকাৰী উপ পৰিদৰ্শক ৰণবীৰ প্ৰসাদৰ বিৰুদ্ধে ৰাজপথত সাধাৰণ বাহন চালকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছিল।

1 4

ৰণবীৰ প্ৰসাদে চান্দি পাহাৰৰ পৰা শিল আৰু বালি কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ উপৰিও সাধাৰণ বাইক-স্কুটী আৰোহীৰ পৰাও ভয়-ভাবুকিৰে ৫০-১০০ টকা সংগ্ৰহ কৰি আহিছিল।

এই অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষী অধীক্ষক কাৰ্তিকেয় কে শৰ্মাই নিজেই তাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে।

তেওঁ সাধাৰণ নাগৰিকৰ দৰে বাইক চলাই যোৱাৰ সময়তে বাটত সহকাৰী উপ পৰিদৰ্শক ৰণবীৰ প্ৰসাদে তেওঁক ৰখায় আৰু যাবলৈ দিয়াৰ বিনিময়ত তেওঁৰ পৰা ধন বিচাৰে।

p4 8

অৱশ্যে পিছত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজৰ পৰিচয় দিয়াত মূৰে কপালে হাত দিবলগা হয় আৰক্ষী বিষয়া ৰণবীৰ প্ৰসাদে। ইতিমধ্যে দুৰ্নীতিপৰায়ণ এই আৰক্ষী বিষয়াজনক নিলম্বন কৰাৰ লগতে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে।

photo 2022 03 13 19 35 34

আৰক্ষী অধীক্ষক কাৰ্তিকেয় শৰ্মাই কয়, ‘মই অভিযোগ লাভ কৰাৰ পিছত নিজেই তদন্ত কৰিবলৈ গৈ সহকাৰী উপ পৰিদৰ্শকগৰাকীৰ দুৰ্নীতি হাতেলোটে ধৰা পেলাইছো। মোৰ পৰিচয় জনাৰ পিছত তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছিল যদিও তেতিয়ালৈকে পলম হৈ গৈছিল। তেওঁক ইতিমধ্যে নিলম্বন কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

লগতে চাওকঃ

ছাত্ৰীক ৰাজহুৱা শাস্তি দিয়া অধ্যাপিকা জয়শ্ৰী দাসক দিয়া হ’ল অব্যাহতি!

G2 24

Leave a Reply

Your email address will not be published. Required fields are marked *