অবিশ্বাস্য! অসমৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ অষ্ট্ৰেলিয়ান কেংগাৰু…

নিউজ ডেস্ক। প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যহৈ অসমৰ মাজেৰে ভাৰতৰ অন্যান্য অঞ্চললৈ অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ চােৰাং সৰবৰাহ।

কেৱল চােৰাং সােণ, মাদক দ্ৰব্য, বাৰ্মিজ চুপাৰীয়েই নহয়, অসমৰ মাজেৰে সৰবৰাহ হৈছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীও।

এইবাৰ অসমৰ মাজেৰে সৰবৰাহ কৰা অষ্ট্ৰেলিয়ান কেংগাৰু উদ্ধাৰ হ’ল অসম-পশ্চিম বংগৰ সীমান্তত।

p3 7
অবিশ্বাস্য! অসমৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ অষ্ট্ৰেলিয়ান কেংগাৰু... 4

শনিবাৰে অসম-বংগ সীমান্তৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঘৰিগুড়িত পশ্চিম বংগ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত এটা অষ্ট্ৰেলিয়ান কেংগাৰু উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অসমৰ মাজেৰে সোণ, ড্ৰাগছ, বাৰ্মিজ চুপাৰিৰ লগতে চেগা চোৰোকাকৈ কেকোঁ সাপ, হাতী দাঁত, দুস্প্ৰাপ্য কাছ আদি জীৱ-জন্তুৰ বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আহিছে। কিন্তু এইবাৰ অষ্ট্ৰেলিয়ান কেংগাৰু অসমৰ মাজেৰে সৰবৰাহৰ এই তথ্য পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

p5 6
অবিশ্বাস্য! অসমৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ অষ্ট্ৰেলিয়ান কেংগাৰু... 5

উল্লেখ্য যে, শনিবাৰে বিয়লি অসম-বংগ সীমান্তৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আলিপুৰদুৱাৰ জিলাৰ কুমাৰগ্ৰাম খণ্ডৰ বাৰোবিশা থানাৰ আৰক্ষীয়ে পাঘৰিগুড়িত নিয়মীয়া তালাচীৰ সময়ত এপি ২৮টিভি ৭৩৮০ নম্বৰৰ এখন ট্ৰাকৰ ভিতৰত ত্ৰিপালেৰে ঢাকি পিঞ্জৰাবদ্ধ কৰি অনা এটা অষ্ট্ৰেলিয়ান কেংগাৰু উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰীয়ে এই কেংগাৰুটো অসমৰ মাজেৰে হায়দৰাবাদলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল।

p4 7
অবিশ্বাস্য! অসমৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ অষ্ট্ৰেলিয়ান কেংগাৰু... 6

পিছত আৰক্ষীয়ে কেংগাৰুটো উদ্ধাৰ কৰি পশ্চিমবংগৰ বন বিভাগক চমজাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখনৰ চালক ইমৰান শ্বেখ আৰু জায়েদ শ্বেখক গ্ৰেপ্তাৰ কৰিছে। দুয়োজন অভিযুক্তৰ ঘৰ হায়দৰাবাদত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২০ চনতো শিলচৰত আন্তৰ্জাতিক চক্ৰৰ পৰা এটা দুস্প্ৰাপ্য কেংগাৰু উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সেই সময়ত কেংগাৰুটো ম্যানমাৰৰ পৰা সৰবৰাহ কৰা হৈছিল।

বন্য জীৱ-জন্তু আৰু নিষিদ্ধ সামগ্ৰী বহিঃৰাজ্যলৈ সৰবৰাহৰ মূল কেন্দ্ৰ হৈ পৰা অসমৰ মাজেৰে আৰক্ষী, বন বিভাগক চকুত ধূলি দি কিদৰে এটা প্ৰকাণ্ড দুস্প্ৰাপ্য কেংগাৰু ট্ৰাকেৰে সৰবৰাহ কৰিবলৈ সক্ষম হৈছে, তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে বন্যপ্ৰানী সুৰক্ষা সংস্থাসমূহে।

Leave a Comment