সকাহ! হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ দাম, প্ৰতিটো চিলিণ্ডাৰত ১৯৮ টকাকৈ হ্ৰাস…

হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ দাম।

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে ১৯৮ টকাকৈ।

দিল্লীত ১৯ কিলোগ্ৰাম এলপিজি চিলিণ্ডাৰ ১৯৮টকা সস্তা হৈছে।

আনহাতে কলকাতাত ইয়াৰ মূল্য ১৮২ টকা হ্ৰাস কৰা হৈছে।

একেদৰে, মুম্বাইত, ১৯ কিলোগ্ৰামএলপিজি চিলিণ্ডাৰ ১৯০.৫০ টকা আৰু চেন্নাইত, মূল্য ১৮৭ টকা হ্ৰাস কৰা হৈছে।

১ জুলাইৰ পৰা কাৰ্যকাৰী হ’ব এই নতুন নিৰিখ।

উল্লেখ্য যে. পেট্ৰ’লিয়াম কোম্পানী ইণ্ডিয়ান অইলে দেশৰ চাৰিখন মহানগৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিছে।

ইয়াৰ ভিতৰত দিল্লীত সৰ্বাধিক হ্ৰাস কৰা হৈছে, আনহাতে কলকাতাত সৰ্বনিম্ন মূল্য হ্ৰাস কৰা হৈছে।