অসমীয়াঅসম

বহু দিন খং নুঠাকৈ ৰৈ আছো, মোৰ খং উঠিলে কি হয় আপোনালোকে জানেঃ কিয় আৰু কাক উদ্দেশ্যি এই কথা ক’লে অখিল গগৈয়ে

নিউজ ডেস্কঃ ‘বহুত দিন খং নুঠাকে ৰৈ আছো..। মোৰ খং উঠিলে কি হয় সেয়া আপোনালোকে জানে…।’ শিলসাঁকোৰ উচ্ছেদিত সকলৰ প্ৰতিবাদত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

শিলসাঁকোত উচ্ছেদ চলোৱা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি অখিল গগৈয়ে কয় যে এতিয়া খং নুঠাকে থাকিব নোৱাৰা হৈছে। তেওঁ কয়, ‘কিমান আৰু সহ্য কৰিম… নিজৰ আপোন মানুহবোৰৰ ঘৰ ভাঙি থকা দেখি আছো..। মাত মাতিব পৰা নাই, কাৰণ আমাৰ নিজৰ মাজতে ঐক্যতা নোহোৱা হৈছে।’

photo1652785508

অখিল গগৈয়ে কয় যে চৰকাৰে বান সমস্যাৰ কাৰণে শিলসাঁকোত উচ্চেদ কৰা বুলি কৈছে। যদি সেয়া হয়, তেন্তে হিম্মতসিংকাৰ নতুন এপাৰ্টমেণ্টটো, বদৰুদ্দিন আজমলৰ বিল্ডি, জয়ন্ত মল্ল বৰুৱাৰ ভূমিও উচ্ছেদ কৰিব লাগে। কেৱল দুখীয়া আৰু খিলঞ্জীয়া মানুহখিনিৰ ওপৰতে কিয় চৰকাৰৰ ইমান অত্যাচাৰ বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে।

বিধায়কগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে বাৰাম্বাৰ ঘোষণা কৰিছিল যে পাহাৰ আৰু জলাশয়ৰ পাৰৰ লোকসকলক মাটি প্ৰদান কৰা হ’ব। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি বাৰাম্বাৰ ভংগ কৰা হৈছে। আনকি পৌৰ সভাৰ নিৰ্বাচনতো বিজেপিয়ে ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ বাবে বসুন্ধৰা নামেৰে এক আঁচনিও ৰূপায়ণ হৈছিল। কিন্তু ইয়াৰ পিছতো ‘পুৰণি’ মানুহখিনিৰ ওপৰত উচ্ছেদ চলিয়েই আছে।

শিলসাঁকোৰ উচ্ছেদক এক ঐতিহাসিক অন্যায় বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে যদি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰে, তেন্তে ইয়াৰ নেতৃত্ব ৰাইজৰ দলে বহন কৰিব বুলিও ঘোষণা কৰে অখিল গগৈয়ে।

গুৱাহাটীবাসী ৰাইজ বিজেপিমুখী হৈ আজি ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। তেওঁ লগতে এয়াও কয় যে বিজেপিক ৰাইজে ভোট দিছিল ভাল দিন ঘূৰি আহিব বুলি। কিন্তু যিদিনাই ৰাইজে বুজি উঠিব যে বিজেপিক ভোট দিলে অমানিশা নামি আহিব, সেইদিনাই অখিল গগৈয়ে আগৰ দৰে আকৌ সংগ্ৰামত জঁপিয়াই পৰিব।

এতিয়া মানুহে ধৰ্মৰ কানি খাই আছে আৰু সেই কথা জনাৰ পিছতো মানুহে বিজেপিকে বাৰাম্বাৰ ভোট দি আছে। মানুহক হিন্দু-মুছলমানেৰে ভাগ কৰি দিয়া হৈছে আৰু উন্নয়নৰ মৰিচিকা দেখুওৱা হৈছে। কিন্তু মানুহে যিদিনাই বুজি উঠিব, সেইদিনাই ৰাইজৰ বাবে ভাল দিন আহিব বুলি মন্তব্য কৰে অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *