অসমীয়াঅসম

৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি শিক্ষকতাৰে দেশৰ হকে সেৱা আগবঢ়োৱাৰ হেঁপাহ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ

নিউজ ডেস্কঃ সুদীৰ্ঘ কাল ভাৰতীয় সেনাত কৰ্মৰত হৈ দেশ মাতৃৰ সেৱাত ব্ৰতী থকাৰ পিছত অৱসৰ গ্ৰহণ কৰিছিল নগাঁও চহৰৰ ডিমৰুগুৰিৰ দেৱনাথ বৰদলৈয়ে।

কিন্তু ভাৰতীয় সেনাৰ পৰা অৱসৰ গ্ৰহণৰ পিছতো দেশৰ হকে কিবা এটা কৰাৰ দূৰন্ত হেঁপাহ আৰু অধ্যয়নৰ প্ৰতি থকা তেওঁৰ আগ্ৰহে অৱশেষত তেওঁক প্ৰদান কৰিলে আন এক কৃতিত্ব।

photo1652785141

৭০ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এতিয়া শিক্ষাকতাৰে জীৱনৰ বাকীছোৱা সময় দেশৰ হকে সেৱা আগবঢ়োৱাৰ মন মেলিছে অৱসৰপ্ৰাপ্ত সেনা বিষয়া দেৱনাথ বৰদলৈয়ে।

উল্লেখ্য যে, ভাৰতীয় সেনাত কৰ্মৰত হৈ থকা সময়তো দেৱনাথ বৰদলৈৰ আছিল অধ্যয়নৰ প্ৰতি অগাধ আগ্ৰহ। সেইবাবেই কৰ্মৰত সময়তে তেওঁ স্নাতক শিক্ষা গ্ৰহণ কৰাৰ লগতে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। কিন্তু অৱসৰ গ্ৰহণৰ পিছত সময়খিনি অবাবত নষ্ট নকৰি, তেওঁ শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

photo1652785141 1

সেই অনুসৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ আইডলৰ জৰিয়তে স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাত ডিমৰুগুৰিবাসী ৰাইজেও আনন্দ প্ৰকাশ কৰিছে।

অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ কৰ্মৰত সময়ত কেইবাবাৰো প-পত্ৰ পূৰণ কৰিছিল যদিও সময়ৰ নাটনি আৰু বিভিন্ন কাৰণত পৰীক্ষাত বহিব পৰা নাছিল। কিন্তু অৱসৰ পিছত তেওঁ পুনৰ অধ্যয়নৰ মন মেলে আৰু সফলতাও লাভ কৰে।

photo1652785141 2

প্ৰণিধানযোগ্য যে, সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণৰ পিছত দেৱনাথ বৰদলৈয়ে শুৱালকুছিৰ এখন বিদ্যালয়ত প্রধান শিক্ষকৰ পদত অধিষ্ঠিত হৈছিল। লক্ষণীয়ভাৱে ২০০৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়খনৰ পৰা ৪ গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *