অসমঅসমীয়া

স্তব্ধ হোৱাৰ দিশে ডিমা হাচাও! অভাৱ ঘটিছে খাদ্য সামগ্ৰীৰ, জিলাখনত মজুত আছে মাত্ৰ এটা দিনৰ পেট্ৰ’ল-ডিজেল

নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে বাৰিষাৰ বানে বিধ্বস্ত কৰি পেলোৱা পাহাৰীয়া ৰাজ্য ডিমা হাচাওত এতিয়া ক্ৰমাৎ স্তব্ধ হোৱাৰ দিশে জনজীৱন!

প্ৰৱল বান আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলাখনৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ আন প্ৰান্তৰ। ৰে’ল ষ্টেছনত কোবাল সোঁতত উটি গৈছে ৰখাই থোৱা ৰে’ল। হুৰমূৰকৈ ভাগি গৈছে পকী দলং, বাট-পথ।

photo1652783548

জিলাখনৰ এনে দুৰ্যোগৰ সময়ত এতিয়া অভাৱ ঘটিছে পেট্ৰ’ল-ডিজেলৰ। বাতৰি অনুসৰি, জিলাখনৰ পেট্ৰ’ল ডিপ’ সমূহত কেৱল আৰু এটা দিনত ব্যৱহাৰ কৰিব পৰাকৈহে মজুত আছে পেট্ৰ’ল-ডিজেল।

photo1652783543

সমান্তৰালভাৱে খাদ্যৰ নাটনিয়েও লাহে লাহে পাহাৰীয়া জিলাখনত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।

photo1652783515

জিলা উপায়ুক্তৰ এক সূত্ৰ অনুসৰি, বৰ্তমান বন্যাৰ্তক সাহায্য প্ৰদান কৰিবলৈও খাদ্যৰ অভাৱ ঘটিছে ডিমা হাচাওত। যাতায়ত বিচ্ছিন্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে।

photo1652783537

ইফালে বানাক্ৰান্ত জিলাখনত অভাৱ ঘটিছে বিশুদ্ধ খোৱাপানীৰ। বান আৰু ভূমিস্খলনৰ ফলত বিশুদ্ধ খোৱাপানীৰ যোগানত ব্যাঘাত জন্মিছে।

photo1652783337

যাৰ বাবে এতিয়া জিলাখনত আগন্তুত সময়ত ভয়াবহ মহামাৰীয়ে দেখা দিয়াৰো আশংকা কৰা হৈছে।

photo1652783485

জানিব পৰা মতে, জিলাখনত পেট্ৰ’ল-ডিজেলৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তৰ অনুমতি অবিহনে পেট্ৰ’ল ডিপ’ত তেল ভৰোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *