নিউজ ডেস্ক। বলীউড জগতৰ পৰা বৃহস্পতিবাৰে পুৱাই আহিল অতি দুখজনক খবৰ। প্ৰবীণ টিভি অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু।
প্ৰাপ্ত তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় তেওঁৰ।

হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁক আজি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ত তেওঁৰ মৃত্যু হয়।
মৃত্যুৰ সময়ত সিদ্ধাৰ্থ শুক্লাৰ বয়স আছিল ৪০ বছৰ।

সিদ্ধাৰ্থ শুক্লাই টিভি ধাৰাবাহিক ‘বালিকা বধু’ৰ পৰাই জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ পিছৰে পৰা তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। তেওঁক ‘দিল সে দিল টক’ নামৰ এখন ধাৰাবাহিকতো দেখা গৈছিল।
তেওঁ ‘হাম্পটি শৰ্মা কি দুলহানিয়া’ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।

জনপ্ৰিয় টিভি শ্ব’ ‘বিগ বছ ১৩’ য়ে তেওঁক যথেষ্ট খ্যাতি আনি দিছিল। পাঞ্জাৱী অভিনেত্ৰী শ্বাহনাজ গিলৰ সৈতে তেওঁলোকৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। দুয়োকে অলপতে বিগ বছ অটিটি প্লেটফৰ্মটো দেখা পোৱা গৈছিল।
ইয়াৰোপৰি সিদ্ধাৰ্থ শুক্লাক ‘ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী চিজন ৭’ ত দেখা গৈছিল। তেওঁ ‘সাৱধান ইণ্ডিয়া’ আৰু ‘ইণ্ডিয়াজ গট টেলেণ্টৰো’ হ’ষ্ট কৰিছিল।

উল্লেখ্য যে সিদ্ধাৰ্থ শুক্লাৰ জন্ম ১৯৮০ চনৰ ১২ ডিচেম্বৰত মুম্বাইৰ এক হিন্দু ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বলিউডৰ বিভিন্ন তাৰকা তথা কলা-কুশলীয়ে।









