বড়ো ভাষাই আকৰ্ষিত কৰে বিদেশী পৰ্যটককঃ তামুলপুৰত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

নিউজ ডেস্কঃ তামুলপুৰ জিলাৰ কচুবাৰীত অনুষ্ঠিত হৈ থকা বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক অধিৱেশনত আজি উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ।

অনুষ্ঠানত সমবেত সকলক সম্বোধন কৰি বড়ো ভাষাৰ সৌন্দৰ্য আৰু বড়ো সাহিত্য সভাৰ ভূমিকা লৈ মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ কয় যে বড়ো ভাষা বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণৰ উৎস।

বড়ো সাহিত্য সভাৰ অধিৱেশনত উপস্থিত থাকিবলৈ পাই আনন্দ ব্যক্ত কৰে ৰাষ্ট্ৰপতি কোৱিন্দে। তেওঁ ভাষণৰ আৰম্ভণিতে অনুষ্ঠানত উপস্থিত থকা মেঘালয় আৰু অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় আৰু ৰাজ্য পৰিচালনাৰ বাবে মুখ্যমন্ত্ৰী দুগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে।

ৰাষ্ট্ৰপতি কোৱিন্দে কয়, “মই অসমৰ মানুহৰ পৰা পোৱা মৰম আৰু আন্তৰিকতাই মোক পুনৰ ইয়ালৈ ঘূৰাই আনিছে।”

বড়ো ভাষাৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “বড়ো এক আকৰ্ষণীয় ভাষা আৰু ই ভাৰতৰ বাহিৰৰ লোকসকলকো আকৰ্ষিত কৰে।”

image 2022 05 04 16 37 37
বড়ো ভাষাই আকৰ্ষিত কৰে বিদেশী পৰ্যটককঃ তামুলপুৰত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ 2

তেওঁ বড়ো ভাষাক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱা আৰু ইয়াক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।

ৰাষ্ট্ৰপতিয়ে ভাষা আৰু ইয়াৰ সাহিত্যৰ বিকাশৰ বাবে বিশিষ্ট বড়ো কবি ৰূপনাথ ব্ৰহ্মক প্ৰশংসা কৰে। তেওঁ বড়ো আৰু অসমীয়া ভাষা দুয়োটা ভাষাৰ বিকাশত আগবঢ়োৱা অবদানৰ বাবে সীতানাথ ব্ৰহ্মকো স্মৰণ কৰে। তদুপৰি ৰাষ্ট্ৰপতি গৰাকীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাকো স্মৰণ কৰে তেওঁৰ ভাষণত।

উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ তিনিদিনীয়া অধিৱেশনখনি ২ মে’ৰ পৰা আৰম্ভ হয়। অধিৱেশনৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতি কোৱিন্দৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰাজ্যপাল অধ্যাপক জগদীশ মুখী উপস্থিত থাকে।

Leave a Comment