অসমীয়াআন্তঃৰাষ্ট্ৰীয়

টুইটাৰ ক্ৰয় কৰিয়েই ইংগিত ইলন মাস্কৰ, এইসকল ব্যৱহাৰকাৰীয়ে ভৰিব লাগিব মাচুল…

নিউজ ডেস্কঃ বাণিজ্যিক আৰু চৰকাৰী কাৰণত আপুনিও ব্যৱহাৰ কৰে নেকি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ? যদি কৰে, তেন্তে এতিয়াৰে পৰা টুইটাৰ ব্যৱহাৰ কৰাৰ বিনিময়ত আপুনিও ভৰিব লাগিব ধন।

টুইটাৰৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে টুইটযোগে সদৰী কৰিছে এই কথা। দৰাচলতে টেছলাৰ মুৰব্বী তথা বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছতে ঘটাইছে কিছু সাল-সলনি।

elon

ইলন মাস্কে এক টুইটত সদৰী কৰা মতে, বাণিজ্যিক আৰু চৰকাৰী ব্যৱহাৰকাৰীসকলে টুইটাৰ ব্যৱহাৰ কৰাৰ বিনিময়ত ধন পৰিশোধ কৰিব লাগিব। অৱশ্যে নিয়মীয়া ব্যৱহাৰকাৰী সকলে পূৰ্বৰ দৰেই বিনামূলীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰিব।

উল্লেখ্য যে, মাত্ৰ কিছুদিন পূৰ্বে ৪৪ বিলিয়ন ডলাৰৰ বৃহৎ চুক্তিত টুইটাৰৰ মালিকীস্বত্ব ক্ৰয় কৰে ইলন মাস্কে। বিভিন্ন জনৰ প্ৰতিবাদ আৰু বাধা-নিষেধৰ পিছতো অৱশেষত ইলন মাস্কে টুইটাৰ হস্তগত কৰিবলৈ সক্ষম হয়।

ইফালে টুইটাৰ ক্ৰয় কৰাৰ পিছতে এই সামাজিক প্লেটফ’ৰ্মটোত সকলোৱে স্বাধীনভাৱে নিজৰ মত ব্যক্ত কৰিব বুলি মন্তব্য কৰিছিল ইলন মাস্কে। কিন্তু শেহতীয়াকৈ বানিজ্যিক আৰু চৰকাৰী ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত ইলন মাস্কে প্ৰয়োগ কৰি নতুন নীতিয়ে প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *