অসমীয়াঅসম

২৫ মে’ত একমাত্ৰ কন্যাৰ বিয়া! বিয়ালৈ নিমন্ত্ৰণ জনাবলৈ গৈ আত্মীয়ৰ ঘৰতে প্ৰাণ হেৰুৱালে মাতৃয়ে

নিউজ ডেস্কঃ অহা ২৫ মে’ত একমাত্ৰ কন্যাৰ বিয়া। ঘৰত উদুলি-মুদুলি পৰিৱেশ। বিয়ালৈ কাক কাক মাতিব, কি কি যা-যোগাৰ কৰিব লাগিব সকলোবোৰৰ তালিকা এফালৰ পৰা কৰা হৈছে।

সেই অনুসৰি ঘৰৰ সকলোৱে ভাগে ভাগে চমজি লৈছে দায়িত্ব। কোনোবাই যদি বিয়ালৈ মানুহখিনিক মতাৰ দায়িত্ব লৈছে, আন কোনোবাই আকৌ লৈছে বজাৰ-সমাৰখিনিৰ।

কিন্তু বিয়াৰ এই উখল-মাখল পৰিৱেশৰ মাজতে দুখৰ ছায়া নামি আহিল ঘৰখনলৈ। নিমিষতে বিয়াক লৈ সৃষ্ট উথপথপ কান্দোনৰ ৰোল হৈ পৰিল। এক দুঃসংবাদে পৰিয়ালটোলৈ নমালে দুখৰ অমানিশা!

এই শোকাবহ ঘটনাৰ স্থান কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ।

জানিব পৰা মতে, বিষ্ণুপুৰৰ নিৱাসী হৰমোহন ভূঞা আৰু কনিকা ভূঞাৰ একামাত্ৰ কন্যা জ্যোৎস্না ভূঞাৰ বিয়াৰ দিন ঠিক হৈছিল ২৫ মে’ত।

photo 2022 05 04 14 43 12

বিয়ালৈ মিতিৰ, কুটুম্ব, বন্ধু সকলোকে নিমন্ত্ৰণ দিবলৈ পৰিয়ালটোৱে আৰম্ভ কৰিছিল।

সোমবাৰে ৰামপুৰত থকা আত্মীয়ক বিয়ালৈ নিমন্ত্ৰণ জনাবলৈ গৈছিল কইনাৰ মাতৃ কণিকা ভূঞা (৫৬)ই। নিশাটো আত্মীয়ৰ ঘৰতে পাৰ কৰি পিছদিনা আন ঠাইলৈ নিমন্ত্ৰণ লৈ যোৱাৰ কথা আছিল।

কিন্তু বিধাতাই যেন বিচৰা নাছিল সেয়া! ৰামপুৰৰ আত্মীয়ৰ ঘৰতে নিশা প্ৰচণ্ড পেটৰ ৰোগত আক্ৰান্ত হয় কণিকা ভূঞা। লগে লগে আত্মীয়ই তেওঁক ৰামপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়।

কিন্তু হাস্পতালৰ বিচনাতে নিশাটো পাৰ কৰাৰ পিছত মঙলবাৰে দুপৰীয়া কণিকা ভূঞাক মৃত ঘোষণা কৰে চিকিৎসকে।

একমাত্ৰ জীয়াৰীৰ বিয়ালৈ আত্মীয়ক নিমন্ত্ৰণ জনাবলৈ গৈ এনেদৰে কণিকা ভূঞাই অকাল মৃত্যুক সাৱটি লোৱাৰ খবৰে শোকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।

Leave a Reply

Your email address will not be published. Required fields are marked *