অসমীয়াঅসম

বটদ্ৰৱা থানা কাণ্ডক লৈ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া, ক’লে…

নিউজ ডেস্কঃ বটদ্ৰৱাত সংঘটিত ভয়াবহ কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

থানাত এজন অভিযুক্তৰ মৃত্যুৰ পিছত একাংশ উত্তেজিত লোকে বটদ্ৰৱা থানাত প্ৰৱেশ কৰি থানাখন জ্বলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে সকলোৱে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ২১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে নিশাই নিলম্বন কৰা হৈছে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ দাসক।

image 43

বটদ্ৰৱাৰ এনে লজ্জাজনক কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়েও।

image 46

এক সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে কয় যে বটদ্ৰৱা থানা জ্বলাই দিয়া বা থানাৰ ভিতৰত অভিযুক্তৰ মৃত্যু ঘটনা কোনো এটা ঘটনাই গ্ৰহণযোগ্য হ’ব নোৱাৰে।

দুয়োটা ঘটনাৰ বিৰুদ্ধে তাৎক্ষণিক ন্যায়িক তদন্ত কৰি অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনায় বিধায়ক অখিল গগৈয়ে।

তেওঁ কয় যে, থানাৰ ভিতৰত এজন অভিযুক্তৰ হত্যাৰ ঘটনা অতি নিন্দনীয়। সেইদৰে থানা জ্বলাই দিয়া কাৰ্যও গৰিহণাৰযোগ্য।

দুয়োটা ঘটনাৰ পুংখানুপুংখ তদন্ত হ’ব লাগে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনায় অখিল গগৈয়ে।

লগতে চাওকঃ চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল

সাপ্তাহিক ৰাশিফল

Leave a Reply

Your email address will not be published. Required fields are marked *