নদাই-ভদাইয়ে সংঘটিত কৰা নাই বটদ্ৰৱা কাণ্ড, জড়িত আছে তৃতীয় শক্তিঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

নিউজ ডেস্কঃ নদাই-ভদাইয়ে সংঘটিত কৰা কৰা নাই বটদ্ৰৱা কাণ্ড। অসমত আল কায়াদৰ দৰে মৌলবাদী শক্তি সক্ৰিয় হৈ পৰিছে। ইয়াৰে পৰিণতিত অতি সুপৰিকল্পতিভাৱে বটদ্ৰৱা কাণ্ড সংঘটিত হোৱা বুলি দাবী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ সৈতে এক সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে বটদ্ৰৱা থানা জ্বলাই দিয়া কাণ্ডটো সাধাৰণ ঘটনা নহয়। এয়া কোনো সাধাৰণ লোকেও সংঘটিত কৰা নাই। ইয়াৰ আঁৰত আন এটা শক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ইফালে এই সমগ্ৰ ঘটনাত আৰক্ষী জড়িত থকাৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰিবলৈ কাৰ্বি আংলঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালৰ নেতৃত্বত এখন এছআইটি গঠন কৰা হৈছে বুলিও জানিবলৈ দিয়ে ভাস্কৰজ্যোতি মহন্তই।

অসমত সন্ত্ৰাসবাদৰ এটা শ্লিপাৰ চেল সাজু কৰি থকা হৈছে, যাতে বাহিৰৰ পৰা অহা মুজাহিদে ভাৰত তথা অসমত সন্ত্ৰাস চলাব পাৰে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

হঠাতে কিছুমান মানুহ আহি উত্তেজিত হৈ থানাখন জ্বলাই দিয়া নাই, ইয়াৰ আঁৰত এটা সুপৰিকল্পনা, এটা লক্ষ্য আছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

আনোৱাৰ নামৰ এজন দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী আৰু আলাউদ্দিন নামৰ এজন দুধৰ্ষ ডকাইতকো বটদ্ৰৱা থানা কাণ্ডৰ সময়ত চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে মহন্তই।

Leave a Comment