পৰাস্ত বাইচুং ভূটীয়া! AIFFৰ নতুন অধ্যক্ষ নিৰ্বাচিত ভাৰতৰ প্ৰাক্তন গ’লৰক্ষক কল্যাণ চৌবে

নিউজ ডেস্কঃ শুকুৰবাৰে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ নিৰ্বাচনত নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন গ’লৰক্ষক কল্যাণ চৌবে। চৌবেয়ে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভাইচুং ভূটীয়াক ৩৩-১ ব্যৱধানত পৰাস্ত কৰি ফুটবল ফেডাৰচনৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

উল্লেখ্য যে, ফিফাই তৃতীয় পক্ষৰ হস্তক্ষেপৰ অভিযোগত এআইএফএফক পুনৰ নিষিদ্ধ কৰাৰ পিছত এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইফালে নিৰ্বাচনত জয়লাভ কৰি অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পিছত চৌবেৰ প্ৰথম দায়িত্ব হ’ব ভাৰতত অনুষ্ঠিত হ’বলগীয়া ১৭ অনুৰ্ধ্ব মহিলা ফুটবল বিশ্বকাপ সুচাৰুৰূপে অনুষ্ঠিত কৰা।

প্ৰাপ্ত তথ্য অনুসৰি, কল্যাণ চৌবে ক্ৰীড়াৰ প্ৰতি সক্ৰিয় আগ্ৰহ থকা উত্তৰ-পূৰ্বাঞ্চলৰ এজন প্ৰভাৱশালী ৰাজনৈতিক হেভিৱেটৰ আশীৰ্বাদপুষ্ট আছিল বুলি জানিব পৰা গৈছে।

bhutia
পৰাস্ত বাইচুং ভূটীয়া! AIFFৰ নতুন অধ্যক্ষ নিৰ্বাচিত ভাৰতৰ প্ৰাক্তন গ'লৰক্ষক কল্যাণ চৌবে 2

প্ৰণিধানযোগ্য যে, টাটা ফুটবল একাডেমীৰ স্নাতক চৌবেয়ে ভাৰতৰ হৈ ১৫ বছৰ ধৰি ফুটবলৰ সৈতে সক্ৰিয় ভাৱে জড়িত হৈ আহিছে। তেওঁ আই-লীগ/নেচনেল ফুটবল লীগত ৫ বাৰ জয়ৰ সোৱাদ লাভ কৰাৰ লগতে ১৯৯৯ৰ পৰা ২০০৬ চনলৈ তেওঁ ভাৰতীয় ফুটবল দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছিল। কল্যাণ চৌবেয়ে দুবাৰ (১৯৯৯ আৰু ২০০৫) এছএএফএফ চেম্পিয়নশ্বিপ জয় কৰাৰ লগতে ১৯৯৯ চনত দক্ষিণ এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক জয় কৰিছিল।

ভাৰতীয় ক্লাব ফুটবল জগতত তেওঁ মোহন বাগান আৰু ইষ্ট বেংগল দুয়োটা দলকে প্ৰতিনিধিত্ব কৰিছিল।

খেলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ বিভিন্ন ফুটবল সংস্থাৰ লগত জড়িত হৈ সেৱা আগবঢ়াই আহিছে। আনহাতে ২০১৯ চনত সক্ৰিয় ৰাজনীতিত ভৰি থৈ তেওঁ কৃষ্ণনগৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও টিএমচিৰ মহুৱা মৈত্ৰাৰ হাতত পৰাস্থ হয়।