দুটি মন এক হ’ল, বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী আৰু ৰবীন্দৰ…

নিউজ ডেস্কঃ এখন বিয়াক লৈ এতিয়া চৰ্চা চলিছে সামাজিক মাধ্যমত। বিয়াৰ দৰা দক্ষিণৰ প্ৰযোজক ৰবীন্দৰ চন্দ্ৰশেখৰণ, কইনা হৈছে তামিল ধাৰাবাহিকৰ মোহময়ী অভিনেত্ৰী মহালক্ষ্মী।

বৃহস্পতিবাৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে সম্পন্ন হৈ যায় মহালক্ষ্মী আৰু ৰবীন্দৰৰ বিবাহখন। তিৰুপতিত পৰিয়াল আৰু অন্তৰংগ বন্ধু-বান্ধৱীৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলে দুয়োজনে।

photo1662114574
দুটি মন এক হ’ল, বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী আৰু ৰবীন্দৰ… 3

ইতিমধ্যে নিজৰ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত দুয়োজনে শ্বেয়াৰ কৰিছে বিবাহৰ ফটো। সেয়া দেখি মহালক্ষ্মী আৰু ৰবীন্দৰক শুভেচ্ছাৰে উপচাই পেলাইছে তেওঁলোকৰ অনুৰাগীসকলে।

উল্লেখ্য যে, মুৰুঙ্গাক্কাই চিপছ আৰু মাগালিৰ কাল্লুৰিয়ামৰ দৰে জনপ্ৰিয় ছবি নিৰ্মাণ কৰি দৰ্শকৰ মনত ঠাই দখল কৰিবলৈ সক্ষম হৈছে ৰবীন্দৰে। সেইদৰে কেইবাখনো তামিল ধাৰাবাহিকত অভিনয় কৰি মহালক্ষ্মীয়েও জয় কৰিছে অনুৰাগীৰ মন।

photo1662114582
দুটি মন এক হ’ল, বিয়াত বহিল জনপ্ৰিয় অভিনেত্ৰী মহালক্ষ্মী আৰু ৰবীন্দৰ… 4

শেহতীয়াকৈ বিদ্যুম বৰাই কাথিৰু নামৰ এখন ছবিত একেলগে কাম কৰিছে ৰবীন্দৰ আৰু মহালক্ষ্মীয়ে। তাৰ পিছতে দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।

প্ৰণিধানযোগ্য যে, মহালক্ষ্মীৰ হৈছে এয়া দ্বিতীয় বিবাহ। ইয়াৰ পূৰ্বে অনিল কুমাৰৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল যদিও দুটি সন্তান জন্মৰ পিছত ২০১৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছিল।