অসমীয়াৰাষ্ট্ৰীয়

মহানুভৱতা! নিজৰ বিয়াৰ বাবে সঞ্চিত ধনেৰে গাওঁবাসীক পকী পথ উপহাৰ দিলে যুৱকে

নিউজ ডেস্কঃ নিজৰ বিয়াৰ বাবে সকলো মানুহৰে হাবিয়াস কল্পনাতীত। বিবাহোপযুক্ত প্ৰত‍্যেকজন নাৰী-পুৰুষেই বহু বছৰৰ পৰা এটকা দুটকাকৈ নিজৰ বিয়াত খৰচৰ বাবে সঞ্চয় কৰে ধন। এয়া সাধাৰণ কথা, কিন্তু সেই ধন নিজৰ বাবে খৰচ নকৰি সৰ্বসাধাৰণৰ হিতৰ বাবে খৰচ কৰাটোহে সাধাৰণ নহয়।

তামিলনাডুৰ এখন ভিতৰুৱা গাঁৱৰ যুৱক পি চন্দ্ৰশেখৰনে তেওঁৰ বিবাহৰ বাবে জমা কৰা ধনেৰে স্থানীয় লোকসকলৰ বাবে এটা পকী পথ নিৰ্মাণ কৰি দিয়াৰ কথা এতিয়া সামাজিক মাধ‍্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। গাওঁখনত প্ৰায় ২৫ বছৰ ধৰি নাছিল কোনো পকী পথ। সেই কাৰণেই যুৱকজনে বিবাহৰ বাবে সঞ্চিত ১০ লাখ টকা ব‍্যয়েৰে এই পথ পকী কৰাৰ সিদ্ধান্ত লয়।

image 13

চন্দ্ৰশেখৰনৰ ঘৰ তামিলনাডুৰ ভিল্লুপুৰম জিলাৰ নাল্লাভুৰ গাঁৱত। নিজৰ গাওঁখনতে শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, চন্দ্ৰশেখৰনে বৰ্তমান চেন্নাইৰ এটা ছফ্টৱেৰ কোম্পানীত কাম কৰি আছে। চন্দ্ৰশেখৰনে গোটেই জীৱন গাওঁখনত এটা পকী পথৰ সপোন দেখি আহিছিল। ইয়াৰ বাবে তেওঁ গ্ৰাম পঞ্চায়তৰ কাষ চাপিছিল যদিও বিফল হৈছিল।

ইয়াৰ পিছতে তেওঁ নিজেই গাওঁখনৰ ৰাস্তাটো পকী কৰাৰ দায়িত্ব বহন কৰিব বুলি সিদ্ধান্ত লয়। তেওঁ বিয়াৰ বাবে সঞ্চয় কৰা ১০.৫ লাখ টকাৰে প্ৰায় ২৫০ মিটাৰ পথ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়।

চন্দ্ৰশেখৰনে জনোৱা মতে, গাওঁখনৰ ৰাস্তাবোৰৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে প্ৰতিদিনে কমেও এজন গাওঁবাসী ৰাস্তাত দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হৈছিল।

photo1662115374

চন্দ্ৰশেখৰনৰ পিতৃ এছ পেৰুমল আৰু মাতৃ পি লক্ষ্মীয়ে জনোৱা মতে, কিছুমান স্থানীয় ৰাজনীতিবিদে তেওঁক পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ কৈ ভাবুকি প্ৰদান কৰিছিল। কিন্তু কোনো ধৰণৰ ভাবুকিৰ প্ৰতি গুৰুত্ব নিদি চন্দ্ৰশেখৰনে জুলাই মাহত ২৮০ মিটাৰ দীঘল, ১৪ ফুট বহল, ১৫ চেমি ডাঠ পকী পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰে।

চন্দ্ৰশেখৰনে ভিল্লুপুৰম জিলা গ্ৰামোন্নয়ন সংস্থাৰ কিছু সংখ‍্যক বিষয়াই তেওঁক ভিল্লুপুৰম জিলা উপায়ুক্তৰ পৰা নিজৰ পুঁজিৰে পথটো নিৰ্মাণ কৰিবলৈ বিশেষ অনুমতি পোৱাত সহায় কৰিছিল বুলিও উল্লেখ কৰে।