
প্ৰৱেশ কৰৰ নামত বলপূৰ্বক সংগ্ৰহ গুণ্ডা কৰ! চৰকাৰৰ নিৰ্দেশত অৱশেষত বন্ধ কৰি দিয়া হ’ল কাৰ্বি আংলঙৰ প্ৰৱেশ পথৰ সকলো চেকগেট…
নিউজ ডেস্কঃ প্ৰৱেশ কৰৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহৰ অভিযোগ তীব্ৰতৰ হৈ পৰাৰ পিছতে অৱশেষত চৰকাৰৰ নিৰ্দেশত বন্ধ কৰা হ’ল দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ২৪টাৰো অধিক চেক গেট।
এই চেকগেট সমূহত অবৈধভাৱে বলপূৰ্বক প্ৰৱেশ কৰ সংগ্ৰহ কৰাক লৈ সূচনা হোৱা বিতৰ্কৰ পিছতে ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ চেকগেট সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰে চেকগেট সমূহ লীজত দিয়াৰ সময়ত প্ৰৱেশ কৰ নিৰ্ধাৰণ কৰিছিল যদিও পিছত এই চেক গেটসমূহত চিণ্ডিকেটৰাজ আৰম্ভ হোৱাৰ অভিযোগ তুলিছিল অনেকেই।
ৰাতি হ’লে গুণ্ডা বাহিনীৰে গিজগিজাই থকা এই চেকগেটসমূহত বলপূৰ্বকভাৱেই প্ৰৱেশ কৰৰ নামত অত্যাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

আনকি শনিবাৰে নিশাও একে ধৰণৰ কাৰণত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ৰানাইমা প্ৰৱেশ কৰ সংগ্ৰহৰ চেকগেটত।
অত্যাধিক প্ৰৱেশ কৰ দাবী কৰাৰ ফলত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে চেক গেটটোত থকা কৰ্মচাৰীসকলে পলায়ন কৰিবলৈ বাধ্য হৈছিল।





