
মৰ্মান্তিক! বিমানবন্দৰত অৱতৰণৰ কিছু সময় পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈ হ্ৰদত পৰিল যাত্ৰীবাহী বিমান, কমেও ১৯জনৰ মৃত্যু
নিউজ ডেস্কঃ বিমান বন্দৰত অৱতৰণৰ ঠিক আগমূহুৰ্তত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও ১৯ জন লোক নিহত হয়।
দেওবাৰে এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয় পূব আফ্ৰিকাৰ তাঞ্জানিয়াত।

বাতৰি অনুসৰি, ৪৩ গৰাকী যাত্ৰীসহ উপকূলীয় চহৰ দাৰ এছ চালামৰ পৰা উৰা মৰা প্ৰিচিজন এয়াৰলাইন্সৰ সৰু যাত্ৰীবাহী বিমানখনে বুকোবাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কিছুসময় পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হৈ ভিক্টোৰিয়া হ্ৰদত সোমাই পৰে।
যাৰ ফলত বিমানখনত থকা কমেও ১৯ জন যাত্ৰীৰ মৃত্যু ঘটে বুলি স্থানীয় সংবাদ সংস্থাই প্ৰকাশ কৰিছে।

ইফালে এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দলে অভিযান চলাই ২৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এতিয়াও আন কেইবাজনো যাত্ৰী হ্ৰদৰ বুকুত সন্ধানহীন হৈ আছে।
প্ৰতিকূল বতৰৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰিছে তাঞ্জানিয়াৰ বিমান কোম্পানী প্ৰিচিজন এয়াৰে।




