অসমীয়াৰাষ্ট্ৰীয়

অনুপ্ৰেৰণাদায়ক! জুপুৰী ঘৰত বহু নিশা অনাহাৰে পাৰ কৰা সন্তোষ পেটেল আজি এগৰাকী সফল আৰক্ষী বিষয়া…

নিউজ ডেস্কঃ লক্ষ্য স্থিৰ হ’লে সহজ হৈ পৰে লক্ষ্যপ্ৰাপ্তিৰ সংগ্ৰাম।

তেনে সংগ্ৰামেৰেই ভৰি আছে এগৰাকী উপ আৰক্ষী অধীক্ষকৰ জীৱন কাহিনী। শূণ্যৰ পৰা জীৱন আৰম্ভ কৰি তেওঁ আজি সফলতা চুমাৰ সমান্তৰালভাৱে বৰ্তমান তেওঁ সামাজিক মাধ্যমতো অতি জনপ্ৰিয়।

তেঁৱেই হৈছে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ উপ-আৰক্ষী অধীক্ষক সন্তোষ পেটেল।

image 119

মধ্যপ্ৰদেশৰ পন্না জিলাৰ অজগড়ৰ এখন সৰু নৈপৰীয়া গাঁৱৰ দৰিদ্ৰ সন্তোষ পেটেলে কেৱল স্থিৰ লক্ষ্য আৰু অশেষ পৰিশ্ৰমৰ ফলত আজি আৰক্ষী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

ডিএছপি সন্তোষ পেটেলে নিজেই তেওঁৰ সফলতা আৰু সংগ্ৰামৰ কাহিনী শ্বেয়াৰ কৰিছে।

তেওঁ জানিবলৈ দিয়া মতে, তেওঁৰ পিতৃয়ে আনৰ বাবে অট্টালিকা সাজিছিল কিন্তু নিজে তেওঁলোকে বাস কৰিছিল নৈৰ পাৰৰ এটা সৰু জুপুৰী ঘৰত।

image 120

মাতৃয়ে খেতি পথাৰত কাম কৰিছিল যদিও বাঢ়নী পানীয়ে বছৰি নষ্ট কৰিছিল তেওঁলোকৰ খেতিডৰা।

যাৰ বাবে বহু নিশা অনাহাৰে পাৰ কৰিবলগীয়া হৈছিল সন্তোষ পেটেল আৰু পৰিয়ালটোৱে।

আনকি পঢ়িবলৈও নতুন কিতাপ ক্ৰয় কৰিব পৰা নাছিল সন্তোষে। পিতৃয়ে অশেষ কষ্টেৰে পুত্ৰৰ বাবে পুৰণি কিতাপ ক্ৰয় কৰি আনিছিল।

image 121

দৰিদ্ৰতাৰ এনে কঠোৰ প্ৰত্যাহ্বানক নেওচি সন্তোষ পেটেলে এসময়ত চৰকাৰী কলেজত ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছিল।

কিন্তু আৰ্থিক অভাৱ আৰু উপাৰ্জনৰ সন্ধানত তেওঁ পঢ়া আধাতে সামৰি পৰিয়ালটোক সকাহ দিবলৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল।

image 124

কিন্তু পিতৃয়ে পচন্দ কৰা নাছিল সন্তোষে কাম কৰাটো। বৰং তেওঁ জোৰ দিছিল সন্তোষক পঢ়া সম্পূৰ্ণ কৰিবলৈ।

পিতৃ আৰু পৰিয়ালৰ হেঁচাতে সন্তোষ কুমাৰে অধ্যয়ন পুনৰ আৰম্ভ কৰে যদিও সমান্তৰালভাৱে মধ্য প্ৰদেশ পিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে।

image 122

২০১৫ চনত সন্তোষ পেটেলে প্ৰস্তুতি আৰম্ভ কৰি ২০১৬ চনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। বৰ্তমান গোৱালিয়ৰত ডিএছপি হিচাপে কাৰ্যৰত হৈ আছে তেওঁ।

কিছুদিন পূৰ্বে সন্তোষ পেটেলৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। য’ত তেওঁ পথাৰত মাতৃক লগ কৰিবলৈ যোৱা দেখা পোৱা গৈছিল।

image 123

আনহাতে ২০২১ চনত বিবাহ পাশত আৱদ্ধ হোৱাৰ সময়তো যথেষ্ট চৰ্চা লাভ কৰিছিল ডিএছপি সন্তোষ পেটেলে।

image 125

নৱ বিবাহিত পত্নীক চাইকেলত উঠাই তেওঁ মন্দিৰলৈ লৈ যোৱাৰ দৃশ্যই চৰ্চা লাভ কৰিছিল সামাজিক মাধ্যমত।