প্ৰেয়সীক লগ কৰিবলৈ বোৰ্খা পিন্ধি হোষ্টেলত প্ৰৱেশ প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা…

নিউজ ডেস্কঃ প্ৰেয়সী থাকে ছোৱালী হোষ্টেলত। কিন্তু প্ৰেম হৈছে যেতিয়া লগটো কৰিবই লাগিব…।

অৱশ্যে ছোৱালী হোষ্টেল বুলিলে কটকটীয়া নিৰাপত্তা, পুৰুষৰ প্ৰৱেশত সম্পূৰ্ণৰূপে বাধা।

তথাপি প্ৰেয়সীক লগ কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে এক বিশেষ পন্থা ল’লে প্ৰেমিকে।

ছোৱালীৰ দৰেই বোৰ্খা পিন্ধি হোষ্টেলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল ঠিকেই, কিন্তু তাৰ পিছতে আৰম্ভ হ’ল বিপত্তি। আৰু অৱশেষত হোষ্টেল কৰ্তৃপক্ষৰ চকুত ধৰা পৰি এতিয়া ৰঙা ঘৰৰ আলহী হৈছে প্ৰেমিক।

G6 10
প্ৰেয়সীক লগ কৰিবলৈ বোৰ্খা পিন্ধি হোষ্টেলত প্ৰৱেশ প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা… 3

দৰাচলতে এই ঘটনা পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ। মাত্ৰ এসপ্তাহ পূৰ্বে ছ’চিয়েল মিডিয়াযোগে মেদিনীপুৰৰ যুৱকজনৰ সৈতে চিনাকি ঘটিছিল মুৰ্ছিদাবাদৰ গোৰাবাজাৰৰ যুৱতীগৰাকীৰ সৈতে।

এসপ্তাহৰ ভিতৰতে বন্ধুত্ব, প্ৰেম সকলো হৈ গৈছিল তেওঁলোকৰ। কিন্তু হোৱা নাছিল দেখা-সাক্ষাৎ।

চাগিৰ জিয়াৰ ছোৱালী হোষ্টেলত বাস কৰা প্ৰেমিকাক লগ কৰিবলৈ অৱশেষত এক বুদ্ধি পাঙিলে যুৱকজনে। বোৰ্খা পিন্ধি গা-মূৰ ঢাকি ছোৱালীৰ ভেশত যুৱকজনে প্ৰৱেশ কৰিলে হোষ্টেলৰ ভিতৰত।

তেতিয়ালৈকে সকলো ঠিকেই আছিল।

কিন্তু প্ৰেয়সীৰ কোঠাৰ দুৱাৰমুখত যেতিয়াই বোৰ্খা পৰিহিত প্ৰেমিকা জোতা খুলিবলৈ আৰম্ভ কৰে, তেতিয়াই ওলাই পৰে ওৰহি গছৰ ওৰ। বোৰ্খাৰ আঁৰত যে এজনী ছোৱালী নহয়, বৰং যুৱকহে আছে, সেই কথা জানিব পাৰি হোষ্টেলৰ আন আন আৱাসী তথা কৰ্তৃপক্ষই উত্তম মাধ্যম শোধায় যুৱকজনক।

পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লয় যুৱকজনক।

ঘটনাটো হাস‍্যকৰ যদিও এই ঘটনাই ছোৱালী হোষ্টেলৰ নিৰাপত্তাৰ প্ৰসংগতো নানা প্ৰশ্নৰ উদয় ঘটাইছে।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বেও ৰামপুৰত এজন প্ৰেমিকে চোকা অস্ত্ৰৰে ছোৱালী ছাত্ৰীবাসৰ এগৰাকী ছাত্ৰীক হত্যা কৰিছিল।

সেই ঘটনাৰ পিছত ছোৱালীৰ হোষ্টেলৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

লগতে চাওকঃ

বিপদৰ বন্ধু! বন্যাৰ্তৰ কাষত চিকিৎসকৰ ৰূপত থিয় দিছে মহকুমাধিপতি ডাঃ নেহাই…

G01 1
প্ৰেয়সীক লগ কৰিবলৈ বোৰ্খা পিন্ধি হোষ্টেলত প্ৰৱেশ প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা… 4