
বন্যাৰ্তৰ কাষত চিকিৎসকৰ ৰূপত থিয় দিছে মহকুমাধিপতি ডাঃ নেহাই…
নিউজ ডেস্ক। সমগ্ৰ অসমবাসী ৰাইজ বানত ককবকাই থকাৰ মাজতে বোকাখাটৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে এগৰাকী আই.এ.এছ বিষয়াই।
বােকাখাতৰ মহকুমাধিপতি হিচাপে কৰ্তব্যৰত এইগৰাকী আইএএছ বিষয়াৰ নাম ডাঃ নেহা যাদৱ।
নিজৰ মানৱদৰদী কৰ্মৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে এইগৰাকী মহিলা আইএএছ বিষয়াগৰাকীয়ে।

উল্লেখ্য যে ২০১৬ ইং চনলৈকে পেছাত এগৰাকী চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল ডাঃ নেহা, কিন্তু ২০১৯ বৰ্ষত তেওঁ সৰ্বভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আইএএছ পদত নিযুক্তি লাভ কৰে।
এতিয়া তেওঁৰ কৰ্মস্থলী বোকাখাটবাসীৰ বাবে বিপদকালত বন্ধুৰ ৰূপে থিয় দিছে আইএএছ ডাঃ নেহা যাদৱে।

বোকাখাটৰ মহকুমাধিপতিৰ দ্বায়িত্বৰ সমান্তৰালকৈ বানগ্ৰস্থ লোকসকলৰ চিকিৎসাত নিজকে নিয়োজিত কৰিছে এইগৰাকী মহিলা আই.এ.এছ বিষয়াই।
বানে ধোৱা বোকাখাট যোগনীয়াৰ ২নং পৰঙনীয়াৰ মথাউৰিত আশ্ৰয় লৈ থকা বানাক্ৰান্ত লোক সকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি আছে তেওঁ।
উল্লেখ্য যে বােকাখাট মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানৰ লোক বানৰ পিছতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ প্ৰাদুৰ্ভাৱ অধিক নহবলৈকে তেওঁ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
মহকুমাধিপতিৰ দৰে গুৰুদ্বায়িত্বৰ সমান্তৰালভাৱে চিকিৎসাসেৱাৰ দ্বায়িত্ব লৈ ৰাইজৰ বিপদৰ বন্ধু হৈ থিয় দিয়া ডাঃ নেহা যাদৱৰ এই কৰ্মক বোকাখাট বাসী ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে।
নিজৰ সু-কৰ্মৰ বাবে এতিয়া চছিয়েল মিডিয়াটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী জনদৰদী আই.এ.এছ বিষয়া।






Pingback: অসম আৰক্ষীক ৩১৫ বাইক প্রদান হিৰ’ৰ... - NEWS8 NorthEast
Pingback: প্ৰেয়সীক লগ কৰিবলৈ বোৰ্খা পিন্ধি হোষ্টেলত প্ৰৱেশ প্ৰেমিকৰ, তাৰ পিছত ঘটিল এই ঘটনা… - NEWS8 NorthEast
Pingback: দুকাপ দাইল, দুমগ চাউলৰ দাম ৩০ টকা! কামপুৰত বান সাহায্য গ্ৰহণ কৰি উচুপি উঠিল বন্যৰ্ত মহিলা - NEWS8 NorthEast
Pingback: সাংসদ প্ৰদ্যুৎ বৰদলৈ সন্ধানহীন..! সমষ্টিত কােনে আঁৰিলে প’ষ্টাৰ? - NEWS8 NorthEast