শোকাৱহ! পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেন সোণোৱালে…

এক শোকাৱহ ঘটনা।

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে।

ঢকুৱাখনাৰ এগৰাকী সৰলমনা জ্যেষ্ঠ নাগৰিক, ঢকুৱাখনা বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ভূপেন সোণোৱালৰ মঙ্গলবাৰে পুৱতি নিশা এক পথ দুৰ্ঘটনাজনিত কাৰণত অকাল বিয়োগৰ খবৰে শোকাচন্ন কৰি তুলিছে।

ঘটনাৰ বিবৰণি অনুসৰি সোমবাৰে সন্ধিয়া ঢকুৱাখনা নগৰ চাৰি আলি দিশে নিজৰ এএছ ০৭ পি৫২৮২ নম্বৰৰ দুচকীয়া বাহনেৰে আহি আছিল প্ৰবীণ শিক্ষাবিদগৰাকী।

এনেতে ঢকুৱাখনা ঘূণাসুঁতি গড়কাপ্তানী পথেৰে মাজুলী দিশৰ পৰা আহি থকা এ এছ ০১ কে চি ২২৩৯ নম্বৰৰ এখন মালবাহী ট্ৰাকে নগৰৰ মূল চাৰি আলিৰ কেঁকুৰী অতিক্ৰম কৰোঁতেই বাইক চালক সোণোৱালক সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি গুৰুতৰ ভাবে জখম কৰে।

পৰৱৰ্তী সময়ত ভৰি আৰু বুকুত গুৰুতৰভাবে আহত সোণোৱালক আৰক্ষীৰ সহযোগত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা কৰা হয়।

পাছত আঘাতৰ জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি সোণোৱালক ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰা হয় যদিও মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ২-৩৫ বজাত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।

সোণোৱালৰ বিয়োগত একালৰ কৰ্মথলী বাণিজ্য মহাবিদ্যালয় পৰিয়াল, শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ একতা সভাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকাহত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।