অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! লাডাখৰ বৰফাবৃত্ত পৰিৱেশত দেশ মাতৃৰ হকে সেৱা আগবঢ়াই শ্বহীদ বীৰ জোৱান শিৱকুমাৰ…

নিউজ ডেস্কঃ লেহ লাডাখৰ বৰফাবৃত্ত পৰিৱেশত দেশ মাতৃৰ হকে সেৱা আগবঢ়াই কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে আকস্মিকভাৱে শ্বহীদ ভাৰতীয় সেনাৰ এগৰাকী বীৰ জোৱান।

বৃহস্পতিবাৰে লাডাখত কৰ্তব্যৰত হৈ থকা সময়তে শ্বহীদ হয় উত্তৰ প্ৰদেশৰ আগ্ৰাৰ মদনপুৰ খাণ্ডাউলি গাঁৱৰ নিৱাসী ভাৰতীয় সেনাৰ জোৱান শিৱকুমাৰ।

image 50

কৰ্তব্যৰত অৱস্থাত আকস্মিক মৃত্যুক সাৱটি লোৱা বীৰ জোৱানগৰাকীৰ নশ্বৰ দেহ শুকুৰবাৰে বিমানযোগে আগ্ৰালৈ অনাৰ পিছত তাৰ পৰা বিয়লিৰ ভাগত জন্ম গাঁও মদনপুৰ খাণ্ডাউলিলৈ অনা হয়।

ইফালে জোৱান শিৱকুমাৰৰ শ্বহীদ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়াল তথা গাঁওবাসী।

image 51

দেশৰ হকে কৰ্তব্য সম্পাদন কৰি প্ৰাণ আহুতি দিয়া জোৱানগৰাকীৰ মৃত্যুত গৌৰৱাম্বিত বুলি মন্তব্য কৰে তেওঁৰ পিতৃয়ে।

অন্যহাতে জোৱানগৰাকীক শেষ বিদায় জনাবলৈ তেওঁৰ বাসগৃহত সমবেত হয় অসংখ্য লোক।

শ্বহীদ শিৱকুমাৰৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।