অসমীয়াঅসম

প্ৰদেশ কংগ্ৰেছত সংঘাত; ভূপেন বৰাৰ বিৰুদ্ধে স্বাক্ষৰ অভিযান একাংশ বিধায়কৰ

নিউজ ডেস্কঃ ইটোৰ পিছত সিটো নিৰ্বাচনত বিধ্বস্ত হোৱাৰ পিছত এতিয়া কংগ্ৰেছৰ ভিতৰচ’ৰাতে দেখা দিছে অন্তঃকন্দল।

কংগ্ৰেছৰ অসম প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ আগমনৰ পূৰ্বে এতিয়া ভূপেন বৰাৰ বিৰুদ্ধে একাংশ বিধায়কে স্বাক্ষৰ অভিযান চলোৱাৰ খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে, মঙ্গলবাৰে অসমলৈ আহিব জিতেন্দ্ৰ সিং। তেওঁ কংগ্ৰেছৰ বিধায়িনী দলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লব।

কিন্তু ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাক আঁতৰাবলৈ উঠিপৰি লাগিছে একাংশ কংগ্ৰেছী বিধায়ক।

খবৰ অনুসৰি ইতিমধ্যে বিসম্বাদী বিধায়কসকলে ভূপেন বৰাৰ বিৰুদ্ধে এক স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। এই স্বাক্ষৰ পত্ৰ জিতেন্দ্ৰ সিঙক অৰ্পণ কৰি ভূপেন বৰাক সভাপতি পদৰ পৰা আঁতৰোৱাৰ দাবী জনাব একাংশ কংগ্ৰেছীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *