অসমঅসমীয়া

শোকাবহ! তীব্ৰবেগী বাহনে মহতিয়াই নিলে ৪খনকৈ বাইক, ৩ জনৰ মৃত্যু

নিউজ ডেস্কঃ সোমবাৰে নিশা বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নামশলাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ৩ জনকৈ লোকে। দুৰ্ঘটনাটোত মহিলাসহ আন ৫ জন লোক আহত হৈছে।

জানিব পৰা মতে, নিশা নলবাৰীৰ পৰা গৈ থকা এখন হোণ্ডা চাৰিচকীয়া বাহনে ৪খনকৈ বাইক মহতিয়াই লৈ যায়। যাৰ ফলত বাইক আৰোহী ৩ জনৰ মৃত্যু ঘটাৰ লগতে মহিলাসহ ৫ জন লোক আহত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে চাৰিচকীয়া বাহনখন ঘটনাস্থলীতে এৰি পলায়ন কৰে চালক আৰু আৰোহীয়ে।

sarthebari

দুৰ্ঘটনাটোত নিহত সকলক ক্ৰমে নামশলা গাঁৱৰ প্ৰণৱ ভূঞা, চিত্ত ভূঞা আৰু কাৰকুছি গাঁৱৰ হৰগোবিন্দ ডেকা বুলি চিনাক্ত কৰা হৈছে।

আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।

ইফালে ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ক্ষুব্ধ ৰাইজে চাৰিচকীয়া বাহনখনৰ ক্ষতিসাধন কৰি দুৰ্ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *