নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ অন্তৰ্ভাগত শিৱলিংগ উদ্ধাৰ হোৱা বুলি কৰা দাবীয়ে এতিয়া লাভ কৰিছে সৰ্বত্ৰে চৰ্চা। মছজিদটোত তিনিদিন ধৰি চলা জৰীপৰ অন্তিমটো দিনত হিন্দু গোটে মছজিদৰ ভিতৰত এটা শিৱলিংগ উদ্ধাৰ কৰা বুলি দাবী কৰিছে।
ইফালে শিৱলিংগ উদ্ধাৰৰ পিছতে একাংশ হিন্দুৱে মছজিদৰ ভিতৰত পূজা-অৰ্চনাৰ অনুমতি বিচাৰি আদালতৰ দাৰস্থ হয়। কিন্তু আদালতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সংঘটিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱলিংগ উদ্ধাৰ হোৱা ঠাইখিনি চীল কৰাৰ নিৰ্দেশ দিছে। এলেকাটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰশাসন আৰু চিআৰপিএফক নিৰ্দেশ দিছে বাৰাণসী আদালতে।
উল্লেখ্য যে, বাৰাণসীৰ জ্ঞানব্যাপী মছজিদত চলা তিনিদিনীয়া জৰীপৰ সোমবাৰে অন্ত পৰিছে। অন্তিম দিনা জৰীপৰ কাম সম্পূৰ্ণ কৰাৰ পিছত দলটো ওলাই অহাৰ সময়তে হিন্দু গোটে শিৱলিঙ্গ পোৱা বুলি দাবী কৰিবলৈ আৰম্ভ কৰে। হিন্দু পক্ষৰ মতে, বাজুখানাৰ পৰা পানী নিষ্কাশন কৰাত ১২.৮ ফুট উচ্চতাৰ শিৱলিংগটো উদ্ধাৰ হয়।
হিন্দু পক্ষই এই জৰীপৰ প্ৰতিবেদন কাইলৈ অৰ্থাৎ ১৭ মে’ত আদালতত দাখিল কৰিব। ইয়াৰ পূৰ্বে মছজিদৰ ভিতৰত উদ্ধাৰ হোৱা শিৱলিংগৰ সংৰক্ষণৰ বাবে অধিবক্তাৰ এটা দল আদালতত উপস্থিত হৈছে।
হিন্দু অধিবক্তা মদন মোহন যাদৱে দাবী কৰে যে পানী কমি যোৱাৰ লগে লগে পানীৰ সন্মুখত এটা বিশাল শিৱলিংগ ওলাই পৰিছিল। নন্দীমূৰ্তিৰ ঠিক সন্মুখত পোৱা শিৱলিংগৰ ব্যাস ১২ ফুট ৮ ইঞ্চি বুলি দাবী কৰা হৈছে।
অৱশ্যে মুছলিম পক্ষই এই দাবী অস্বীকাৰ কৰিছে। মুছলিম পক্ষৰ মতে, মছজিদৰ ভিতৰত কোনো ধৰণৰ প্ৰতিমূৰ্তি উদ্ধাৰ হোৱা নাই।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা কাশীৰ জ্ঞানবাপী মছজিদক লৈ বিতৰ্কৰ সূত্ৰপাত হৈ আহিছে। একাংশ হিন্দুৱে দাবী কৰা মতে, বহু বছৰ পূৰ্বে মন্দিৰ ভাঙি তাৰ ঠাইত এই মছজিদটো নিৰ্মাণ কৰা হৈছিল। ১৯৯১ চনত বিশ্বেশ্বৰ নাথ মন্দিৰৰ দ্বাৰা এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।
পৰৱৰ্তী সময়ত মছজিদৰ ভিতৰত তিনিদিনীয়া জৰীপ চলোৱা হয়। এই জৰীপতে অন্তিম দিনটোত মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱা বুলি দাবী কৰা হৈছে।