নিউজ ডেস্কঃ বিয়াৰ ৩ বছৰ পিছত প্ৰথমবাৰলৈ মাতৃ হ’বলৈ ওলাইছিল কামিনী। কিন্তু এটা দুৰ্ঘটনাই থানবান কৰি পেলালে সকলো। মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ পূৰ্বেই মৃত্যুৰ কোলাত শুই পৰিল কামিনী।
স্বামীৰ সৈতে বাইক উঠি মাতৃগৃহলৈ যােৱাৰ পথতে ঘটিল এক ভয়ংকৰ ঘটনা।
তীব্ৰবেগী ডাম্পাৰৰ চকাত পিষ্ট কামিনীৰ গৰ্ভৰ পৰা সন্তান চিটিকি পৰিল ৫ ফুট নিলগলৈ।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ চহৰত।
এই ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে সমগ্ৰ ফিৰোজাবাদত।

জানিব পৰা মতে, আগ্ৰাৰ ধনোলাৰ নিৱাসী ৰামুৱে তেওঁৰ ৯ মহীয়া গৰ্ভৱতী পত্নী কামিনীক লগত লৈ বাইকেৰে ফিৰোজাবাদৰ নাৰখি থানাৰ অন্তৰ্গত বাজিৰপুৰৰ শহুৰেকৰ ঘৰলৈ গৈ আছিল।
তেওঁলোকে গৈ থকা সময়তে পিছফালৰ পৰা এখন দ্ৰুতবেগী ডাম্পাৰে তেওঁলোকৰ বাইকত খুন্দা মাৰে। যাৰ ফলত বাইকৰ পৰা পৰি যায় কামিনী।
সেই সময়তে ডাম্পাৰখন গৰ্ভৱতী কামিনীৰ পেটৰ ওপৰেৰে পাৰ হৈ যায়।
যাৰ ফলত ৯ মহীয়া কামিনীৰ গৰ্ভৰ সন্তান পেট ফাটি দূৰলৈ চিটিকি পৰে। অৱশ্যে শিশুটি সুস্থ অৱস্থাত বৰ্তমান চিকিৎসাধীন হৈ আছে যদিও প্ৰাণ ৰক্ষা নপৰিল মহিলাগৰাকীৰ।

জানিব পৰা মতে, ৩ বছৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল ৰামু আৰু কামিনীৰ।
এয়া আছিল তেওঁলোকৰ প্ৰথমটো সন্তান। কিন্তু সন্তানৰ মুখ দেখাৰ পূৰ্বেও নিয়তিৰ পৰিহাসত মৃত্যুক সাৱটি ল’বলগীয়া হয় কামিনীয়ে।
আনহাতে এই ভয়ানক ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে কামিনীৰ খুৰাক কালীচৰণৰো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।










1 thought on “প্ৰথমবাৰলৈ মাতৃ হ’বলৈ ওলাইছিল কামিনী! দুৰ্ঘটনাত পতিত হােৱাৰ পিছতে অসময়ত সন্তান জন্ম হ’ল যদিও…”
Comments are closed.