দুখীয়াৰ সহায়ৰ বাবে চৰকাৰলৈ ৬০০ কোটি টকাৰ সম্পত্তি দান এগৰাকী মানৱ দৰদী চিকিৎসকৰ

নিউজ ডেস্কঃ নিজৰ ৬০০ কোটি টকাৰ সম্পত্তি দুখীয়া লোকৰ সেৱাৰ্থে চৰকাৰলৈ দান কৰি মহানুভৱতাৰ পৰিচয় দিছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ এগৰাকী চিকিৎসকে।

মোৰাদাবাদৰ চিকিৎসক অৰবিন্দ কুমাৰ গোৱেলে তেওঁৰ সকলো সা-সম্পত্তি দান কৰে উত্তৰপ্ৰদেশ চৰকাৰক।

image 226
দুখীয়াৰ সহায়ৰ বাবে চৰকাৰলৈ ৬০০ কোটি টকাৰ সম্পত্তি দান এগৰাকী মানৱ দৰদী চিকিৎসকৰ 4

যোৱা ৫০ বছৰে বিভিন্ন ধৰণে মানৱ সেৱাত ব্ৰতী হৈ অহা চিকিৎসক অৰবিন্দ কুমাৰে বছৰ বছৰ ধৰি ৰাজ্যখনৰ দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা আৰু বিনামূলীয়া শিক্ষা প্ৰদানত আগভাগ লৈ আহিছে।

লকডাউনৰ সময়তো তেওঁ ৫০ খন গাঁৱৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ লগতে বিনামূলীয়া চিকিৎসা প্ৰদান কৰি যথেষ্ট প্ৰশংসিত হৈছিল।

image 224
দুখীয়াৰ সহায়ৰ বাবে চৰকাৰলৈ ৬০০ কোটি টকাৰ সম্পত্তি দান এগৰাকী মানৱ দৰদী চিকিৎসকৰ 5

মানৱ দৰদী চিকিৎসক হিচাপে পৰিচিত ডা০ অৰবিন্দ কুমাৰ গোৱেলৰ কৰ্মৰ বাবে দেশৰ ৪ গৰাকী ৰাষ্ট্ৰপতি ক্ৰমে- এপিএজে আব্দুল কালাম, প্ৰতিভা দেৱী সিং পাটিল, প্ৰণৱ মুখাৰ্জী আৰু ৰামনাথ কোৱিন্দে সন্মানিতও কৰিছিল।

image 225
দুখীয়াৰ সহায়ৰ বাবে চৰকাৰলৈ ৬০০ কোটি টকাৰ সম্পত্তি দান এগৰাকী মানৱ দৰদী চিকিৎসকৰ 6

শেহতীয়াকৈ এইগৰাকী বিশাল মনৰ চিকিৎসকেই পুনৰ এবাৰ মহানুভৱতাৰ পৰিচয় দি উত্তৰ প্ৰদেশৰ দুখীয়া লোকসকলৰ খাদ্য, শিক্ষা, চিকিৎসাৰ বাবে সহায় হোৱাকৈ তেওঁৰ ৬০০ কোটি টকাৰ সম্পত্তি চৰকাৰলৈ আগবঢ়ায়।

তেওঁৰ সম্পত্তিৰ প্রকৃত মূল্য হিচাপ কৰিবলৈ পাঁচজনীয়া সদস্যৰ এখন কমিটী গঠন কৰি দিয়া হৈছে।