প্ৰতিশ্ৰুতি পূৰণ কৰি ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল যুগল কিশোৰ, বিদ্যালয় কৰ্তৃপক্ষই উভতাই দিলে নামভৰ্তিৰ সময়ত লোৱা ১০ টকা…

নিউজ ডেস্কঃ সোমবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত জিলিকি উঠিল কেইবাগৰাকীও শিক্ষাৰ্থী। কৃতিত্বৰে জীৱনৰ বাটত আকৌ এখন আগবাঢ়িবলৈ সক্ষম হোৱা এই মেধাৱী শিক্ষাৰ্থীসকলক লৈ সংবাদ মাধ্যমতো চৰ্চা অব্যাহত আছে।

তাৰ মাজতে শিৱসাগৰ জিলাৰ নাজিৰাৰ বালিঘাটৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰক লৈ গৌৰৱাম্বিত হৈ পৰিছে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চল।

উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি সদ্যঘোষিত ফলাফলত ৭৭.৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয় যুগল কিশোৰ দাস নামৰ মেধাৱী ছাত্ৰজন।

image 2022 06 28 11 55 31
প্ৰতিশ্ৰুতি পূৰণ কৰি ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল যুগল কিশোৰ, বিদ্যালয় কৰ্তৃপক্ষই উভতাই দিলে নামভৰ্তিৰ সময়ত লোৱা ১০ টকা... 3

শিৱসাগৰ জিলাৰ বকতা নঙলামৰাৰ নিবাসী গুণ প্ৰসাদ দাসৰ পুত্ৰ যুগল কিশোৰ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ধিতাই পুখুৰী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। অতি দৰিদ্ৰ পৰিয়ালৰ ল’ৰা যুগল কিশোৰে মেট্ৰিক উত্তীৰ্ণ হোৱাৰ পিছতে নামভৰ্তি কৰে নাজিৰাৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৱেড একাডেমীত।

ৱেড একাডেমীত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ সময়তে নামভৰ্তি মাচুল হিচাপে যুগলে বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিছিল ১০ টকা। এটা মুগা ৰঙৰ খামত ভৰাই বিদ্যালয় কৰ্তৃপক্ষৰ হাতত ১০ টকা অৰ্পণ কৰি উচ্চতৰ মাধ্যমিকত লেটাৰ আৰু ষ্টাৰমাৰ্ক সহ উত্তীৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতি দিছিল যুগল কিশোৰে।

বিদ্যালয় কৰ্তৃপক্ষইও যুগলৰ এই প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস ৰাখিয়েই যোৱা দুটা বছৰ সম্পূৰ্ণ বিনামূলীয়াকৈ মেধাৱী ছাত্ৰজনক শিক্ষাদান কৰে। তাৰ পিছতে সদ্যঘোষিত ফলাফলত প্ৰতিশ্ৰুতি পূৰণ কৰি যুগল কিশোৰে ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।

মেধাৱী ছাত্ৰজনে কথা দি কথা ৰখাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে ৱেড একাডেমীৰ লগতে সমগ্ৰ অঞ্চল। যুগলে নামভৰ্তিৰ সময়ত দিয়া ১০ টকাটো বিদ্যালয় কৰ্তৃপক্ষই উভতাই দি ছাত্ৰজনৰ উজ্বল ভৱিষ্যত কামনা কৰে ৱেড একাডেমীয়ে।

লগতে চাওকঃ

সাফল্যৰ সুখঃ ৫৫ বছৰ বয়সত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰথম বিভাগত উত্তীৰ্ণ এগৰাকী মহিলা

nalbari benekusi
প্ৰতিশ্ৰুতি পূৰণ কৰি ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ হ’ল যুগল কিশোৰ, বিদ্যালয় কৰ্তৃপক্ষই উভতাই দিলে নামভৰ্তিৰ সময়ত লোৱা ১০ টকা... 4