শোকাবহ! কলিয়াবৰৰ ‘কিলোস্কাৰ গ্ৰীণ পাৱাৰ লাইন’ত ৪০ ফুট উচ্চতাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ কৰ্মৰত অৱস্থাত ৪০ ফুট উচ্চতাৰ পৰা পৰি প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন শ্ৰমিকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ নলতলীস্থিতি ‘কিলোস্কাৰ গ্ৰীণ পাৱাৰ লাইন’ নামৰ উদ্যোগত।

জাানিব পৰা মতে, সোমবাৰে পুৱা সংঘটিত হয় এই শোকাবহ ঘটনা। উদ্যোগটোত কৰ্মৰত এজন শ্ৰমিক ৪০ ফুট উচ্চতাৰ পৰা বাগৰি পৰাৰ ফলত গুৰুতৰভাৱে আহত হয়। লগে লগে আহত শ্ৰমিকজনক তেজপুৰৰ এখন হাস্পতাললৈ নিয়া হয় যদিও তেতিয়ালৈকে মৃত্যু ঘটে তেওঁৰ।

নিহত শ্ৰমিকজনৰ পৰিচয় ছিপাঝাৰৰ কুলদ্বীপ নাথ বুলি জানিব পৰা গৈছে।

image 2022 06 28 11 55 44
শোকাবহ! কলিয়াবৰৰ 'কিলোস্কাৰ গ্ৰীণ পাৱাৰ লাইন’ত ৪০ ফুট উচ্চতাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু 2

ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে কাম বন্ধ কৰি পলায়ন কৰে উদ্যোগটোৰ পৰিচালন কৰ্তৃপক্ষ। উদ্যোগটোত প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থা নথকাৰ বাবেই এনেদৰে এজন শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

পৰিচালন কৰ্তৃপক্ষৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি নিহত শ্ৰমিকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে।