বলিয়া বানৰ সংহাৰী ৰূপঃ চকুৰ পচাৰতে উটি গ’ল এখন থানা…

ৰাজ্যত অব্যাহত আছে বলিয়া বানৰ সংহাৰী ৰূপ।

বান-গৰাখহনীয়াৰ কবলত একপ্ৰকাৰ সৰ্বস্বান্ত হৈ পৰিছে ৰাজ্যৰ সাধাৰণ জনতা।

ইয়াৰ মাজতে নলবাৰীত সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

নলবাৰীত চকুৰ পচাৰতে নদীত জাহ গ’ল এখন থানা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত এই থানাখন হৈছে ভাংনামাৰী আৰক্ষী থানা।

প্ৰবল গৰাখনীয়াৰ কবলত পৰি থানাৰ দুমহলীয়া অট্টালিকা নদীত ডুব যায়।

অৱশ্যে, গৰাখহনীয়াৰ কবলত পৰাৰ আশংকাত থানাখন তাৰ পৰা কিছুদিন পূৰ্বে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল। লৈ যোৱা হৈছিল নথিপত্ৰ।

থানাখনত ৫০জন আৰক্ষী কৰ্মৰত আছিল।