ৰাষ্ট্ৰীয়অসমীয়া

প্ৰখ্যাত সন্তুৰ বাদক পদ্মশ্ৰী ভজন চােপোৰীৰ দেহৱসান

নিউজ ডেস্ক। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰখ্যাত সন্তুৰ বাদক পদ্মশ্ৰী ভজন চােপোৰীৰ দেহাৱসান।

তেওঁ বৃহস্পতিবাৰে গুৰুগ্ৰামৰ এখন চিকিৎসালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ।

‘সন্তুৰৰ সাধু’ ৰূপে খ্যাত চােপোৰী যোৱা বছৰ জুনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

তেওঁক ইমিউনোথেৰাপী চিকিৎসাৰ বাবে তিনি সপ্তাহ আগতে গুৰুগ্ৰামৰ ফৰ্টিছত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসা সম্পূৰ্ণ হোৱাৰ পূৰ্বেই তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি মৃত্যু হয়।

FUPqYzZakAAIyga

ভজন চােপোৰীয়ে তেওঁৰ পত্নীসহ দুই পুত্ৰক এই পৃথিৱীত এৰি থৈ যায়। শুক্ৰবাৰে নতুন দিল্লীৰ লোধি ৰোড শ্মশানত অন্তিম সংস্কাৰ অনুষ্ঠিত হয়।

তেওঁৰ মৃত্যুত স্বাভাৱিকতেই সংগীত প্ৰেমীৰ মাজত শোকৰ ছাঁ পেলাইছে। সকলোৱে তেওঁৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছে।

FURZIp3WYAA3tYZ

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই টুইট কৰি কয়, “পদ্মশ্ৰী পণ্ডিত ভজন চােপোৰী চাহিবৰ কৰুণ মৃত্যুৰ কথা শুনি অত্যন্ত দুঃখিত। মাটিৰ এজন মহান পুত্ৰ, তেওঁ শাস্ত্ৰীয় ভাৰতীয় সংগীতৰ পৃথিৱীত এজন কলচচ আছিল যিয়ে সন্তুৰক নিজৰ কৰি তুলিছিল। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”

উল্লেখযোগ্য যে, চােপোৰীয়ে ১৯৯২ চনত সংগীত নাটক অকাডেমি বঁটা আৰু ২০০৪ চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল।‌

২০০৯ চনত তেওঁক বাবা আলাউদিন খান বঁটাৰে সন্মানিত কৰা হৈছিল।

ভাৰতীয় শাস্ত্ৰীয় সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১১ চনত এম এন মাথুৰ বঁটা আৰু জম্মু-কাশ্মীৰ ৰাজ্যিক জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰা হৈছিল।

চোপোৰীয়ে সন্তুৰ বাদ্যযন্ত্ৰটোৰ বিৱৰ্তনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।

তেওঁ ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজিপ্ত আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ দৰে কেইবাখনো দেশত বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰিছিল।

তাৰ উপৰিও তেওঁ গালিব, ফৈজ আৰু ফিৰাখ গোৰখপুৰীৰ দ্বাৰা লিখা ‘গজল’ আৰু কবীৰ আৰু মীৰা বাইৰ কবিতাৰ বাবে সংগীত ৰচনা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *