NE

প্রথমবাৰৰ বাবে ভাৰতীয় সেনাত পাঁচ মহিলা বিষয়াক কর্নেললৈ পদোন্নতি….

প্রথমবাৰৰ বাবে ভাৰতীয় সেনাত পাঁচ মহিলা বিষয়াক কর্নেললৈ পদোন্নতি।

ভাৰতীয় সেনাৰ ছিলেকচন ব’র্ডে ২৬ বছৰৰ উল্লেখযোগ্য সেৱাৰ পাছত ৫ মহিলা বিষয়াক কর্নেললৈ পদোন্নতিৰ অনুমোদন জনাইছে৷

ক’ৰ অৱ ছিগনেল, ক’ৰ অৱ ইলেক্ট্রনিক এণ্ড মেকানিকেল ইঞ্জিনীয়ার্ছ আৰু ক’ৰ অৱ ইঞ্জিনীয়ার্ছত কর্মৰত ৫গৰাকী মহিলা বিষয়াক প্রথমবাৰৰ বাবে কর্নেল পদবীলৈ উন্নীত কৰিছে৷

উল্লেখ্য যে আর্মী মেডিকেল ক’ৰ (এ এম চি), জাজ এডভোকেট জেনেৰলে (জে এ জি) আৰু আর্মী এডুকেচন ক’ৰ (এ ই চি) আদি মহিলা বিষয়াক কর্নেললৈ উন্নীত কৰাৰ প্রক্রিয়া আছিল যদিও প্রথমবাৰৰ বাবে ক’ৰ অৱ ছিগনেল, ক’ৰ অৱ ইলেক্ট্রনিক এণ্ড মেকানিকেল ইঞ্জিনীয়ার্ছ আৰু ক’ৰ অৱ ইঞ্জিনীয়ার্ছতো এই পদক্ষেপ গ্রহণ কৰিলে৷

মহিলা বিষয়াক ভাৰতীয় সেনাৰ বিভিন্ন বিভাগত পদোন্নতিৰ প্রসাৰৰ লগতে লিংগ বৈষম্য আঁতৰ কৰাৰ বাবে ছিলেকচন ব’র্ডে গ্রহণ কৰে এই পদক্ষেপ।

ক’ৰ অৱ ছিগনেলৰ লেফটেনেণ্ট কর্নেল সংগীতা ছাৰড’না, লেফটেনেণ্ট কর্নেল ছোনিয়া আনন্দ আৰু ক’ৰ অৱ ই এম ইৰ লেফটেনেণ্ট কর্নেল নৱনীত ডুগল, ক’ৰ অৱ ইঞ্জিনীয়ার্ছৰ লেফটেনেণ্ট কর্নেল ৰিচ্ছা সাগৰক কর্নেল পদবীলৈ উন্নীত কৰা হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *