পেৰালিম্পিকত জেভলিন থ্ৰ’ত সোণ জয় সুমিত আন্তিলৰ, গঢ়িলে বিশ্ব অভিলেখ

নিউজ ডেস্ক। টকিঅ’ অলিম্পিক ২০২০ ভাৰতৰ ইতিহাসত কীৰ্তি হৈ ৰ’ব।

কিছুদিন পূৰ্বে অলিম্পিকত জেভলিন থ্ৰ’ত সোণৰ পদক জয় কৰি ইতিহাস ৰচিছিল ভাৰতীয় নীৰজ চোপ্ৰা ই।

এইবাৰ পেৰালিম্পিকতো জেভলিন থ্ৰ’ত সোণৰ পদক জয় কৰিলে সুমিত আন্তিলে। ইয়াৰ লগে লগে বিশ্ব ৰেকৰ্ড কৰি ভাৰতক আৰু এবাৰ গৰ্বিত কৰিলে তেওঁ।

সোমবাৰে টকিঅ’ পেৰালিম্পিকত দেশলৈ আহিল দুটা সোণৰ পদক। পুৱা ১০ মিটাৰ পেৰা শ্বুটিঙত অৱনী লেখাৰাই আৰু আবেলি জেভলিন থ্ৰ’ত এফ ৬৪ শাখাত বিশ্ব ৰেকৰ্ড গঢ়ি সোণ জয় কৰিলে সুমিত আন্তিলে।

যোৱা ৭ আগষ্টত টকিঅ’ অলিম্পিকত জেভলিন থ্ৰ’ত সোন জয় কৰিছিল নীৰজ চোপ্ৰাই। আৰু এইবাৰ টকিঅ’ পেৰালিম্পিকৰ জেভলিন থ্ৰ’ত নীৰজৰ সাফল্যৰ ২৩ দিন পিছত সোণ জয় কৰিলে সুমিতে।

উল্লেখ্য যে এইবাৰ সোণৰ পদক জয় কৰি তেওঁ দুবাৰ বিশ্ব ৰেকৰ্ড গঢ়ে। এইবাৰ তেওঁ পূৰ্বৰ নিজৰ ৰেকৰ্ড ভংগ কৰে।

তেওঁৰ এই সফলতাৰ বাবে তেওঁক শুভেচ্ছা প্ৰদান কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰোপৰি দেশৰ বহুতো বিশিষ্ট লোকে শুভেচ্ছা জ্ঞাপন কৰে তেওঁক।

Leave a Comment