পেঞ্চনৰ সঞ্চিত ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান এগৰাকী অশীতিপৰ বৃদ্ধাৰ, টেঙা ভাত খাবলৈ ঘৰলৈ মাতিলে মুখ্যমন্ত্ৰীক

নিউজ ডেস্কঃ অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিল কৰিবলৈ নিজৰ পেঞ্চনৰ সঞ্চিত ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ ঘৰলৈ ভাত খাবলৈ আমন্ত্ৰণ জনালে তেজপুৰৰ এগৰাকী আইতাই।

বুধবাৰে তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ তথা নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৮৬ বৰ্ষীয় ভানু পদ্মপতিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান কৰে পেঞ্চনৰ ৫ লাখ টকা।

photo1657263882
পেঞ্চনৰ সঞ্চিত ৫ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰদান এগৰাকী অশীতিপৰ বৃদ্ধাৰ, টেঙা ভাত খাবলৈ ঘৰলৈ মাতিলে মুখ্যমন্ত্ৰীক 2

শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ জৰিয়তে এই ধন প্ৰদান কৰাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈতে ভিডিঅ’ কলিংযোগে মত বিনিময়ো কৰে অশীতিপৰ আইতাগৰাকীয়ে।

মুখ্যমন্ত্ৰীৰ সৈতে মত বিনিময়ৰ সময়তে আইতা ভানু পদ্মপতিয়ে মুখ্যমন্ত্ৰীক তেওঁৰ ঘৰলৈ টেঙাভাত খাবলৈ আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়েও আইতাৰ এই আমন্ত্ৰণ অচিৰেই ৰক্ষা কৰি তেজপুৰত উপস্থিত হৈ তেওঁৰ ঘৰত ভাত খাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখ্য যে, বহুমুখী ব্যক্তিত্বৰ অধিকাৰী ভানু পদ্মপতিয়ে ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ পৰা ক্ৰীড়া পেঞ্চন লাভ কৰি আহিছে। এগৰাকী নাট্যশিল্পী হিচাপেও সুপৰিচিত তেওঁ।

আনহাতে এইগৰাকী আইতাই কোভিড কালত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা অনুদান আগবঢ়াই সেই সময়তো মানৱতাৰ এক নজিৰ স্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ সৈতে ফৌনিক বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইতাগৰাকীৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেওঁৰ পৰা আশীৰ্বাদো বিচাৰে।