অৱশেষত জামিন লাভ কৰিলে প্ৰবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমনি ৰাভাই।
৪ জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জোনমণি ৰাভা।
এমাহ ৪ দিন মাজুলী জিলা কাৰাগাৰত কটোৱাৰ পিছত জামিন লাভ কৰে জোনমণিয়ে।
শুক্ৰবাৰে মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰে জোনমণিক।
জোনমণিৰ বিৰুদ্ধে প্ৰেমিক ৰাণা প’গাগৰ সৈতে মিলি ধন আত্মসাতৰ অভিযোগ।









