বন বিভাগৰ অভিযানত জব্দ নটাকৈ চোৰাং হাতীদাঁত, দুজনক গ্ৰেপ্তাৰ…

বন বিভাগৰ অভিযানত জব্দ নটাকৈ চোৰাং হাতীদাঁত।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু পশ্চিম কামৰূপ বন বিভাগৰ যুটীয়া অভিযানত জব্দ ৬.০১২ কিলোগ্ৰাম ওজনৰ নটাকৈ হাতীদাঁত।

লগতে আৰক্ষীৰ জালত পৰিছে দুজন চোৰাং ব্যৱসায়ী।

টুইটাৰযোগে এই কথা সদৰি কৰে বন বিভাগে।

গ্ৰেপ্তাৰ কৰা চোৰাং ব্যৱসায়ী দুজন হৈছে এডিচন নংত্ৰি আৰু দাৰিশান ননৰাম বুলি চিনাক্ত কৰা হৈছে।

দুয়োজন মেঘালয়ৰ ৰিবোই জিলাৰ বাসিন্দা।

বৰ্তমান দুয়োজনকে পলাশবাৰী আৰক্ষী থানাক গতাই দিয়া হৈছে বুলি বন বিভাগে জানিবলৈ দিছে।